প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত এগৰাকী ছাত্ৰক সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ দিল্লীৰ বদৰপুৰৰ এখন কেন্দ্ৰীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক একে শ্ৰেণীৰ সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰে৷ 

বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বেঞ্চত বহাক লৈ প্ৰথমে ছাত্ৰজনৰ সহপাঠীৰ সৈতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়৷ পূৰ্বে তৰ্ক বিতৰ্কৰ মাজতে ছাত্ৰগৰাকীক সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰাৰ ধমকি দিছিল৷ ছাত্ৰগৰাকীয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষক এই বিষয়ে কোনো অভিযোগ দিয়া নাছিল৷ শুকুৰবাৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সময়ছোৱাত ছাত্ৰজনে শৌচালয়লৈ যায়৷

সেই সময়তে ছাত্ৰজনক ধমকি দিয়া বন্ধুজনে নিজৰ কেইজনমান সহপাঠীক লগত লৈ ছাত্ৰজনক ঘেৰাও কৰি ব্লেডেৰে আক্ৰমণ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই ছাত্ৰজনে যন্ত্ৰণাত চটফটাই চিঞৰিবলৈ ধৰে৷ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত বিদ্যালয়ৰ কৰ্তৃপক্ষই উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে ওচৰৰে এখন হাস্পতাললৈ লৈ যায়৷ 

প্ৰাথমিক চিকিৎসাৰ অন্তত ছাত্ৰজনক এমছ ট্ৰামা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ আঘাত প্ৰাপ্ত ছাত্ৰজনৰ পিঠিত বহু চিলাই কৰিব লগা হয়৷ উল্লেখ্য যে, ছাত্ৰজন আৰু অভিযুক্ত ছাত্ৰই একেটা শ্ৰেণীতে অধ্যয়ন কৰে৷ ছাত্ৰগৰাকীৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা যায়৷