কোকৰাঝাৰঃ ৰঞ্চাইধামত থকা কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অাজি এগৰাকী নৱম মানৰ ছাত্ৰই বিদ্যালয় চৌহদতে  অাকস্মিক মৃত্যুক সাৱটি লোৱাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।  বিদ্যালয় চৌহদতে ৰাতিপুৱা ৮:৩০ মান বজাত অাকস্মিক মৃত্যুক সাৱটি লোৱা ছাত্ৰগৰাকীক বাসুগাঁওৰ কমল সেনৰ পুত্ৰ সুস্ময় সেন (১৫) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি অাজি ৰাতিপুৱা  ৮:৩০ মান বজাত অষ্টম মানৰ ছাত্ৰগৰাকীয়ে বিদ্যালয় চৌহদতে থকা হোষ্টেলৰ পৰা সমনিয়াৰ সতে বিদ্যালয় বুলি খোজকাঢ়ি অাহি থাকোতেই হঠাতেই পকীপথৰ ওপৰতে বাগৰি পৰে। বাগৰি পৰাৰ ক্ষন্তেক সময় পিছতেই ছাত্ৰগৰাকী থিয় হয় যদিও পুনৰাই বাগৰি পৰে। মুহুৰ্ততে বিদ্যালয় চৌহদত হুৱা দূৱা লাগে অাৰু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল ছাত্ৰগৰাকীৰ কাষলৈ দৌৰি অাহে।

ছাত্ৰগৰাকীয়ে উশাহ নিশাহ লবলৈ কষ্ট পোৱাত বুকুত পাম্প কৰি উশাহ ঘূৰাই অনাৰ প্ৰচেষ্ঠা কৰে। ইয়াৰ পিছতেই ছাত্ৰগৰাকীক বিদ্যালয়ৰ নিকটস্থ চিকিৎসালয়লৈ এম্বুলেন্সযোগে নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । তথাপিও বিদ্যালয় কৰ্তৃপক্ষই বঙাইগাঁওৰ ব্যক্তিগত খণ্ডৰ লৱাৰ অাসাম নাৰ্ছিংহোমলৈ ছাত্ৰগৰাকীক লৈ যায় আৰু চিকিৎসকে ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি সদৰি কৰে।

ইপিনে ৰঞ্চাইধামস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰৰ মৃত্যুৰ বতৰা লাভ কৰিয়ে কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী জৱাহৰ নৱোদয় বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষন কৰি বিদ্যালয় কৰ্তৃপক্ষ অাৰু কৰুণ মৃত্যুক অাকোঁৱালি লোৱা ছাত্ৰগৰাকীৰ অভিভাৱকৰ সতে অালোচনাত মিলিত হয়। জিলা উপায়ুক্তগৰাকীয়ে অানকি চিকিৎসালয়লৈ গৈ চিকিৎসকৰ সতেও বাৰ্তালাভত মিলিত হয়। নিয়মানুসৰি জিলা উপায়ুক্তগৰাকীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দি ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

বিদ্যালয় চৌহদত ছাত্ৰৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ পিছতে জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত হাহাকাৰ লাগে । ঘটনাৰ সত্যতা বিচাৰি অভিভাৱকসকল উৎকণ্ঠিত হয় আৰু একাংশ অভিভাৱক বিদ্যালয়ত উপস্থিত হৈ নিজ সন্তানৰ বুজ লয়। উল্লেখ্য যে ৰঞ্চাইধামস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সময়ে সময়ে দুই এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ অাহিছে যিয়ে অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে।