ফটোঃমনোজ বৰপাত্ৰ গোহাঁই
ফটোঃমনোজ বৰপাত্ৰ গোহাঁই

লালুকঃ হাৰমতীৰ জ্ঞানম একাডেমীত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ প্ৰাপ্ত খবৰ মতে আজি পুৱা বিদ্যালয়খনৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰই পুৱা পানী সংগ্ৰহ কৰিবলৈ যাওঁতে অসাৱধানৱশত পিছলি পৰাৰ ফলত তলত থকা উন্মুক্ত লোহাৰে বিন্ধাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়৷

বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও ছাত্ৰজনৰ মৃত্যু ঘটে৷ ইফালে ঘটনাটোক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা একাংশ অভিভাৱক৷

বিদ্যালয় খনৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওঁগে উপস্থিত আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়াক তৎকালেই বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনোৱাৰ লগতে বিদ্যালয়খন বন্ধ কৰিবলৈ দাবী জনায়৷

ইফালে, আছুকে আদি কৰি বিভিন্ন সংগঠনে ছাত্ৰজনৰ মৃত্যুৰ বাবে বিদ্যালয় কৰ্তৃপক্ষকে জগৰীয়া কৰিছে৷ কেৱল ধন ঘটাৰ বাবেহে কৰ্তৃপক্ষই বিদ্যালয়খন চলাই আছে বুলি অভিযোগ তুলিছে অভিভাৱক তথা স্থানীয় ৰাইজে৷