নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীত যোৱাকালি ৰাতিপুৱা পথৰ ওপৰতে বিদ্যুতৰ খুটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতৰভাবে আহত হয় ৷ ছাত্ৰী গৰাকীয়ে চাইকেলেৰে ঘৰৰ পৰা স্কুললৈ গৈ থকাৰ সময়তে এই ঘটনাতো ঘটে। 

ঘটনাৰ বিৱৰনী মতে, নিজ বাহঁজানীৰ গোপাল থান হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী ছয়নিকা তালুকদাৰে ছয়মাহিলী পৰীক্ষা দিবলৈ নিজৰ চাইকেল খনেৰে স্কুললৈ গৈ থকাৰ সময়তে বাহঁজানীৰ মিলন চ'কৰ ওচৰত ছাত্ৰী গৰাকীৰ চাইকেলৰ ওপৰতে পথৰ দাঁতিত থকা বিদ্যুতৰ খুটা এটা বাগৰি পৰে। ঘটনাৰ লগে লগে ছাত্ৰী গৰাকী বাগৰি পৰাৰ লগতে ছাতি আৰু চাইকেল খন সম্পূৰ্ণ ৰূপে চেপেটা হোৱাৰ উপৰি ছাত্ৰী গৰাকীও গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় । 

তততৈয়াকৈ আহত ছাত্ৰী গৰাকীৰ পৰিচয় বিচৰাত নিজ বাহঁজানী গাওঁৰ বেজপাৰা চুবুৰীৰ কন্দৰ্প তালুকদাৰৰ কন্যা বুলি জনা যায় ৷ উপস্থিত ৰাইজে লগে লগে আহত ছাত্ৰী গৰাকীক  চিকিৎসাললৈ প্ৰেৰন কৰে ৷ 
ইতিমধ্যে, অঞ্চল টোত বিদ্যুৎ সেৱা ব্যাহত হৈ থকা ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে সংশ্লিষ্ট নলবাৰী  বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই তথা কৰ্মচাৰীসকলে  কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। 

শেহতীয়াকৈ উচ্চহাৰত জধে মধে বিদ্যুতৰ বিল প্ৰেৰণ কৰি গ্ৰাহক ৰাইজক নগুৰ নাকতি কৰি থকা নলবাৰী বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক অতি শীঘ্ৰে খুটাতো স্থাপনৰ ব্যৱস্থা কৰি বিদ্যুৎ যোগান ধৰিবলৈ দাবী জনাইছে অঞ্চল বাসীয়ে। নামনি  অসম বিদ্যুত বিতৰণ কোম্পানীৰ নলবাৰী সংমণ্ডল আৰু  উপ সংমণ্ডলৰ বিষয়া, কৰ্মচাৰী আৰু স্থানীয় বিদ্যুত কেন্দ্ৰৰ  চৰম গাফিলতিত এগৰাকী ছাত্ৰীৰ কথমপি মৃত্যপৰ পৰা ৰক্ষা পৰা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।