পূৱ বৰপেটা/বাঘবৰঃ বৰপেটা জিলাৰ পূৱ প্ৰান্তৰ হাহচ'ৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজন কৰাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হ'বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে উক্ত বিদ্যালয়ত যোৱা ৫ এপ্ৰিলত দিনৰ প্ৰায় দুই বজাত ছাত্ৰ-ছাত্ৰী সকলে মধ্যাহ্ন ভোজন কৰি বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যায়। কিন্তু দুৰ্ভাগ্য  ক্ৰমে  নিশা প্ৰায় ১১ বজাৰ পৰা ঘৰত প্ৰায় ভাগ ছাত্ৰ-ছাত্ৰী অসহ্য বিষত ভোগে। অভিভাৱকসকলে পৰস্পৰে খবৰ কৰি শংকিত হৈ পৰে।

এই সন্দৰ্ভত সচেতন মহল, বিদ্যালয় প্ৰধান, ৰান্ধনিসকলৰ লগত যোগাযোগ কৰে আৰু কাহিলি পুৱাতে ১০৮ যোগে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে কেইজনমান গুৰুতৰভাৱে অসুস্থ বুলি জানিব পৰা গৈছে।

অৱশ্যে প্ৰধান শিক্ষক ছহিদৰ ইছলামেও অসুস্থ বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই চেঙা সমষ্টিৰ বিধায়কৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বিষক্ৰিয়াৰ মূল কাৰণ জানিব পৰা হোৱা নাই যদিও এই ক্ষেত্ৰত অসাৱধানতা, শিক্ষকসকলৰ অমনোযোগিতাই মূল কাৰণ বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ লগতে খাদ্য সামগ্ৰী লোৱা গেলামালৰ দোকানীয়ে ভেজাল খাদ্য যোগান ধৰাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে উক্ত ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

আনহাতে, বাঘবৰৰ মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ২০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱৰ দিনা মধ্যাহ্ন ভোজন কৰি হঠাৎ অসুস্থ হৈ পৰে। অভিভাৱকসকলে অভিযোগ কৰা মতে গুণোৎসৱৰ দিনা মধ্যাহ্ন ভোজন কৰাৰ পিছতেই এজন এজনকৈ ছাত্ৰ-ছাত্ৰী বিষক্ৰিয়াত আক্ৰান্ত হৈ ক্ৰমান্বয়ে অসুস্থ হৈ পৰে।

ততালিকে আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাৰ বাবে ওচৰৰ মন্দিয়া প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয়। ইফালে বিষক্ৰিয়াৰ ঘটনা অস্বীকাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।