ধেমাজিঃ সুবোধ বিশ্বাসক আটক কৰাটো কেৱল এখন ৰাজনৈতিক নাটক নেকি- এই প্ৰশ্নৰেই আজি প্ৰতিবাদমুখৰ হৈ পৰিছে ধেমাজি থানাৰ চৌহদ। চিলাপথাৰত অসমীয়া জাতিৰ স্বাভিমানত পদাঘাত কৰা কাণ্ডৰ মূল অভিযুক্ত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সভাপতি সুবোধ বিশ্বাস আৰু সুভাষ বিশ্বাসক ধেমাজি থানালৈ কটকটীয়া নিৰাপত্তাৰ মাজেৰ অনাৰ পিছতে আজি থানাৰ সমুখ বিভিন্ন দল-সংগঠনে চৰকাৰ-সুবোধ বিৰোধী শ্লোগানেৰে কঁপাই তুলিছে।

আজি বিমানযোগে লখিমপুৰলৈ আৰু তাৰপিছত স্থলপথেৰে ধেমাজিলৈ অনা জাতিদ্ৰোহী আখ্যা পোৱা সুবোধ আৰু তেঁওৰ সহযোগী সুভাষক বিশেষ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু সুবোধে শাস্তি পাব নে নাই তাকে লৈ সন্দিহান হৈ পৰা দেখা গৈছে বিভিন্ন দল-সংগঠনক।

আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে যে সুবোধৰ বিৰুদ্ধে যিবোৰ ধাৰা লগোৱা হৈছে সেয়া জামিনযোগ্য। সুবোধৰ গ্ৰেপ্তাৰ ধেমাজি উপ-নিৰ্বাচনৰ চমকহে নেকি সেই কথাৰেই সন্দেহ কৰি ''বিজেপি লেই লেই, ছেই ছেই’’ ধ্বনিও আজি পুৱা শুনা গৈছে ধেমাজি থানাৰ সমুখত।

নিৰ্বাচনৰ পিছতেই সুবোধে জামিন লৈ মুকলি হ’ব নেকি, তাৰে উমান পাই ক্ষোভিত হৈ পৰিছে দল-সংগঠনসমূহে। জাতি বিৰোধী কাৰ্যকলাপত লিপ্ত দুই অপৰাধী আইনৰ সুৰুঙা লৈ যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আছুকে ধৰি বিভিন্ন দল-সংগঠনে।

ধেমাজিৰ দৰে খিলঞ্জীয়া অধ্যূষিত অঞ্চলত এনেদৰে জাতীয় স্বভিমানত ভূলুণ্ঠিত কৰাজনক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব বুলি হুংকাৰ উঠিছে ধেমাজিত। সুবোধক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু আইন-শৃংখলাজনিত  পৰিস্থিতিৰ বাবে গেৰুৱা চৰকাৰখনেই দায়ী হ’ব বুলি টাই আহোম ছাত্ৰ সন্থাই জানিবলৈ দিছে।