কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডৰ মুল নায়ক সুবোধ বিশ্বাসক অসম অাৰক্ষীয়ে কলকাতাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সদৌ বিটিচি নাথ-যোগী ছাত্ৰ সন্থাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সুবোধ বিশ্বাসক দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে।

অাজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ বিটিচি নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে সুবোধ বিশ্বাসক অাটক কৰাৰ ক্ষেত্ৰত  চৰকাৰ অাৰু অসম অাৰক্ষীৰ ভূমিকাক শলাগ লৈ সুবোধ বিশ্বাসৰ দৃষ্টান্তমুলক শাস্তিৰ দাবী উত্থাপন কৰে।

ইয়াৰোপৰি  অভিযুক্ত সুবোধ বিশ্বাসৰ সহযোগী তথা বিপিএফৰ নেতা সহদেৱ দাসক বিপিএফ দলৰ পৰা বহিষ্কাৰ কৰা কাৰ্যক অাদৰণি জনাই এয়া বিপিএফৰ এক সময়োপযোগী সিদ্ধান্ত বুলি অভিহিত কৰি বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰিছে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই।

অানহাতে ১৯৭১ চনৰ পিছত অহা ব্যাক্তিক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰি নাগৰিকত্ব সংশোধনী আইন ২০১৬ৰ বিৰোধিতা কৰিছে সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।