Newsnextone | ডিজিটেল ডেস্কঃ সুনন্দা পুষ্কৰৰ হত্যা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সোমবাৰে দাখিল কৰা ৩০০০ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাত আছে কংগ্ৰেছ নেতা শশী থাৰুৰ নাম। সুনন্দাৰ স্বামী থাৰুৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সন্নিবিষ্ট হৈছে অভিযোগনামাখনত। পুষ্কৰৰ মৃত্যুৰ ৪ বছৰ পিছত দাখিল কৰা এই বৃহৎ কলেবৰৰ অভিযোগনামাত 'আত্মহত্যাৰ বাবে প্ৰৰোচনা যোগোৱা’ৰ লগতে থাৰুৰৰ বিৰুদ্ধে পত্নিক 'নিষ্ঠুৰ শাৰিৰীক অত্যাচাৰ’ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।        

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৯৮ আৰু ৩০৬ৰ অধীনত এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছৰ দ্বিগজ নেতাগৰাকীৰ বিৰুদ্ধে। ৪৯৮ ধাৰাৰ অধীনত দোষী সাব্যস্ত হ’লে ৩ বছৰ কাৰাবাস খাটিবলগীয়া হোৱাৰ বিপৰীতে ৩০৬ৰ অধীনত দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত জেলত থাকিবলগীয়া হ’ব শশী থাৰুৰ। 

অৱশ্যে থাৰুৰে এই অভিযোগনামাখনক 'নিৰৰ্থক’ আখ্যা দিয়াৰ লগতে কয় তেঁও সাজোৰে ইয়াৰ বিৰুদ্ধে আইনী যুঁজ দিব। অভিযোগনামাখনক বিজেপি চৰকাখনৰ 'ষড়যন্ত্ৰ’ আখ্যা দিয়া থিৰুৱনন্তপুৰমৰ সাংসদ থাৰুৰে কয় যে চাৰিবছৰৰ মুৰত যদি এনে এটা সিদ্ধান্তলৈ আৰক্ষী আহিছে, তেন্তে আৰক্ষীৰ কাম কৰাৰ প্ৰক্ৰিয়াৰ ওপৰতো সন্দেহ ওপজে। তদুপৰি আৰক্ষীৰ অভিপ্ৰায়ৰ ওপৰতো প্ৰশ্ন তোলে সাংসদগৰাকীয়ে। 

২০১৬ ৰ ১৭ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে স্পষ্ট কৰিছিল যে কাৰো বিৰুদ্ধে কোনোধৰণৰ সাক্ষ্য-প্ৰমাণ পোৱা হোৱা নাই। কিন্তু তাৰে ছমাহ পিছত এনেদৰে আত্মহত্যাৰ বাবে প্ৰৰোচনা দিয়া বুলি অভিযোগ উঠাটো বিশ্বাস কোনো কাৰণতে কৰিব নোৱাৰি বুলি কয় থাৰুৰে। 

আবেলিৰ ভাগত থাৰুৰে কিছুদিনলৈ টুইটাৰৰ পৰা অব্যাহতি লোৱাৰ কথাও মাইক্ৰ’ব্লগিং চাইটটোৰ জৰিয়তে সকলোকে জনায়। স্বভাৱতে ইংৰাজী ভাষাৰ জ্ঞান বিলোৱা থাৰুৰে টুইটটোত epicaricacy শব্দটোৰ অৰ্থ বাখ্যা কৰে- আনৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা সুখ লোৱাটোৱে এপিকেৰিকেচি৷ তাৰে তলতে টুইটাৰৰ পৰা দুদিনমানৰ কাৰণে আঁতৰি থকাৰ কথা সদৰী কৰে৷ 

থাৰুৰৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে মোডী চৰকাৰৰ এয়া ষড়যন্ত্ৰ বুলি অভিহিত কৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সুৰেজৱালাই হাৰ নামানো বুলি সাংবাদিকৰ আগত অংগীকাৰ কৰে৷ মোডী চৰকাৰে দিল্লী আৰক্ষীক এনে কাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ তোলে সুৰেজৱালাই৷