ডিজিটেল ডেস্কঃ এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল কেন্দ্ৰীয় চৰকাৰ৷ সোমবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন বি লোকুৰ আৰু দীপক গুপ্তাই কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপৰ বিৰোধিতা কৰি কয়, ‘‘বাৰে বাৰে কোৱাৰ পাছতো কিছুমান অপ্ৰয়োজনীয় আৰু তুচ্চ বিষয় লৈ আদালতৰ সময় নষ্ট কৰাৰ স্পৃহা কেন্দ্ৰীয় চৰকাৰৰ কম হোৱা নাই৷ চৰকাৰৰ এনে দায়বদ্ধতাহীন মনোভাৱৰ বাবে আদালতত বহু প্ৰয়োজনীয় গোচৰ অমিমাংসিত হৈ পৰি ৰৈছে৷ বিচাৰ ব্যৱস্থাক চৰকাৰখনে পুতলা খেল বুলিহে ভাবি লৈছে৷’’ সৰু সৰু গোচৰ কিছুমানেৰে আদালতৰ বহুমূলীয়া সময় নষ্ট নকৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে৷ 

ন্যায়াধীশ মদন বি লোকুৰ আৰু দীপক গুপ্তাই কেন্দ্ৰীয় চৰকাৰৰ ‘ইজ অফ ডুয়িং বিজনেছ’ শ্ল’গানৰ কটাক্ষ কৰি কয় কয় যে কেন্দ্ৰীয় চৰকাৰে নিজৰ শ্ল’গানক বাস্তৱ ৰূপ দিয়াৰ পথ সুচল কৰিবলৈকে ন্যায় ব্যৱস্থাকো সংশোধন কৰিব বিচাৰিছে৷ যাৰ ফলত বিচাৰ ব্যৱস্থাৰ গতি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপে লেহেমীয়া কৰি তুলিছে৷ ইফালে উচ্চমত ন্যায়ালয়ৰ ন্যায়াধীশ দীপক গুপ্তা আৰু মদন বি লোকুৰে কেন্দ্ৰীয় এনডিএ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় কয় যে অযথা মোকৰ্দমাৰে আদালতৰ সময় যিমানেই নষ্ট কৰা হৈ আছে সিমানেই অইনবোৰ গুৰুত্বপূৰ্ণ গোচৰৰ ন্যয় প্ৰদান প্ৰক্ৰিয়া পলম হৈ গৈ আছে৷ যাৰ ফলত চৰকাৰৰো আৰ্থিক ক্ষতি বৃদ্ধি পাই গৈ আছে৷ 

ন্যায়াধীশ দুগৰাকীয়ে পুনৰ কয়, ‘‘আশা কৰোঁ কেন্দ্ৰীয় চৰকাৰখনৰ সুবুদ্ধি সম্পূৰ্ণ ঘুৰি নাহিলেও কিছু পৰিমাণে হলেও বুদ্ধি প্ৰাপ্ত হ’ব৷ এদিন নিশ্চয় চৰকাৰখনে বুজিব যে তেওঁলোকে আদালতৰ কিমান সময় নষ্ট কৰিছে৷ আৰু ইয়াৰ পৰিণাম চৰকাৰখনে ভোগ কৰিবই লাগিব৷’’ 

উল্লেখ্য যে, ২০১৭ চনৰ ৮ ডিচেম্বৰত কেন্দ্ৰই আবেদন কৰা কেইবাটাও যুক্তিহীন গোচৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল৷ চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা আইন সংক্ৰান্তীয় আন এক আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল৷ তদুপৰি আদালতৰ সময় নষ্ট কৰাৰ প্ৰৰিপ্ৰেক্ষিতত আদালতে এনডিএ চৰকাৰক ১ লাখ টকাৰ জৰিমনাও আদায় দিবলৈ নিৰ্দেশ দিছিল৷ এই সন্দৰ্ভত ন্যায়াধীশ দীপক গুপ্তাই কয় যে- ‘‘আমি আশা কৰিছিলো যে জৰিমনা বিহাৰ পিছত চৰকাৰখনে কিছু শিক্ষা লাভ কৰিব৷ কিন্তু দুখৰ বিষয়, জৰিমনা বিহাৰ পিছতো চৰকাৰখনে একো শিক্ষা লাভ কৰিব নোৱাৰিলে৷’’