ডিজিটেল ডেস্কঃ দেশজুৰি বৰ্তমান বিতৰ্কৰ বিষয় থকা 'তিনি তালাক’ক অবাঞ্চনীয় আখ্যা দিছে উচ্চতম ন্যায়ালয়ে৷ ন্যায়ালয়ত বৃহস্পতিবাৰৰ পৰা চলি থকা তিনি তালাক সন্দৰ্ভত শুকুৰবাৰে এইদৰে আখ্যা দিলে৷ ৫ জন সদস্য থকা বিচাৰপীঠে তিনি তালাক বিবাহ অন্ত কৰাৰ আটাইতকৈ বেয়া প্ৰক্ৰিয়া বুলি উল্লেখ কৰে৷

অধিবক্তা ৰাম জেঠমালিনীয়ে তিনি তালাকক ঘৃণনীয় আখ্যা দি এই ব্যৱস্থাৰ কঠোৰ শব্দৰে সমালোচনা কৰে৷ জেঠমালিনীয়ে কয় যে লিংগ বৈষম্যক এই প্ৰথাৰ জৰিয়তে অনুপ্ৰাণিত কৰা হৈছে আৰু পবিত্ৰ কোৰাণৰ সিদ্ধান্তৰ বিৰোধিতা কৰে৷

আনহাতে বিচাৰপীঠে শুনানীত কয় যে তিনি তালাকে সংবিধান উলংঘা কৰিছে৷ সংবিধানত ১৪ অনুচ্ছেদত থকা সম অধিকাৰ তিনি তালাকে উলংঘন কৰিছে বুলিও উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে৷তিনি তালাক অবাঞ্চনীয়- উচ্চতম ন্যায়ালয়