প্ৰতীক ফটো
প্ৰতীক ফটো

নতুন দিল্লীঃ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষকে ধৰি নাগৰিকত্বৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ সন্দৰ্ভত পহিলা মে'ৰ ভিতৰত সংশ্লিষ্ট সকলো দল-সংগঠনে নিজৰ মতামত তথা যুক্তি উচ্চতম ন্যায়ালয়ৰ কাষত দাখিল কৰিব লাগিব। এই বিষয়ত বিভিন্ন দল-সংগঠনে দাখিল কৰা আৱেদনসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত কালিৰে পৰা আৰম্ভ হোৱা শুনানি প্ৰক্ৰিয়াৰ সময়ত সাংবিধানিক বিচাৰপীঠে এই কথা প্ৰকাশ কৰে। 

ন্যায়াধীশ মদন বি লকুৰ, ন্যায়াধীশ আৰ কে আগৰৱালা, ন্যায়াধীশ প্ৰফুল্ল চি পন্ট, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ অশোক ভূষণেৰে গঠিত পাঁচজনীয়া এই সাংবিধানিক বিচাৰপীঠে কালি এই বিষয়ৰ সৈতে জড়িত আবেদন দাখিল কৰা বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰ পৰা প্ৰাৰম্ভিক মতামত গ্ৰহণ কৰাৰ পিছত অহা ৮ মে'ত পুনৰ বিষয়টোৰ সন্দৰ্ভত বিবেচনা কৰাৰ বাবে বিচাৰপীঠখন মিলিত হ'ব বুলি উল্লেখ কৰে।

ইয়াৰ লগতে অহা ১ মে'ৰ ভিতৰত সংশ্লিষ্ট দল-সংগঠনকে ধৰি কোনোৱে হস্তক্ষেপ আবেদন দাখিল কৰিব বিচাৰিলে সেয়া দাখিল কৰিব পাৰিব বুলি বিচাৰপীঠখনে প্ৰকাশ কৰে। অহা ১১ মে'ৰ পৰা এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ইয়াৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও অহা ৮ মে'ৰ শুনানিত বিচাৰপীঠে ইয়াৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্দিষ্ট কৰিব বুলি জানিব পৰা গৈছে। 

ইফালে কালিৰ শুনানিৰ অন্তত এই গোচৰৰ অন্যতম পক্ষ আছাম পাব্লিক ৱৰ্কছৰ মূৰব্বী অভিজিৎ শৰ্মাই কয় যে সাংবিধানিক বিচাৰপীঠে এই সন্দৰ্ভত অহা ৮ মে'ত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিব আৰু সেই শুনানিৰ সময়ত নাগৰিকত্বৰ আইনৰ ৬ (ক) দফাৰ সাংবিধানিক বৈধতাকে ধৰি বিভিন্ন বিষয়সমূহ চূড়ান্ত হ'ব।