newsnextone.com | ডিজিটেল ডেস্কঃ দেশত গো হত্যা ৰক্ষাৰ নামত একাংশ লোকে আইন হাতত তুলিলৈ মানুহক আক্ৰমণ কৰি হত্যা পৰ্যন্ত কৰি আহিছে৷ ইয়াৰ লগে লগে বিগত সময়ত শিশু অপহৰণ নামত ভুৱা প্ৰচাৰক বিশ্বাস কৰি অসমকে ধৰি মহাৰাষ্ট্ৰ আৰু দেশৰ আন আন প্ৰান্তত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয়৷ বিশেষকৈ সমগ্ৰ দেশতে গো হত্যা ৰাক্ষাৰ নামত মুছলমান আৰু দলিতক হত্যা কৰা হয়৷

এনেবোৰ ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে মঙলবাৰে পুৱাই৷ উন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰা, ন্যায়াধীশ এম এন খানউইলকৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰ চূড়ৰ আদালতে মানুহে সমবেত বৈ হিংসা কৰা কাৰ্যক সাধাৰণ ভাৱে ল’ব নোৱাৰি বুলি কয়৷ আদালতে কোনো লোকৰ আইন হাতত লোৱাৰ অধিকাৰ নাই বুলিও কয়৷ এই কাণ্ড ৰোধ কৰিবৰ বাবে দেশৰ সংসদে বিচাৰ কৰক আৰু আইন বনাওক বুলিও কয়৷ 

ইয়াৰ পূৰ্বে তিনি জুলাইত অন্তিম শুনানিত আদালতে এয়া আইনৰ বিষয় বুলি কৈছিল৷ এই কাণ্ড ৰোধ কৰিবৰ বাবে প্ৰতিখন ৰাজ্যৰ দায়িত্ব আছে আৰু আদালতে তিনি জুলাইৰ ৰায়কে সুৰক্ষিত কৰে৷

ইন্দিৰা জয় সিঙৰ আবেদন শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ দায়িত্ব এই যে ভিৰে মানুহক হত্যা কৰাৰ ঘটনাক যিকোনো প্ৰকাৰে ৰক্ষা কৰিব লাগিব বুলি কৈছিল আদালতে৷ এয়া কেৱল আইন ব্যৱস্থাৰে বিষয় নহয় এয়া এক অপৰাধ হয়৷ এই কাণ্ড কৰা লোকে শাস্তি পাব লাগিব৷ দেশত কোনোৱে আইন হাতত লব নোৱাৰিব৷ 

চৰকাৰী পক্ষই এই ক্ষেত্ৰত সজাগ আৰু সতৰ্ক বুলি কয়৷ আইন ব্যৱস্থাৰ বাবে সমস্যা আছে৷ আইনৰ ব্যৱস্থা বৰ্তাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব৷ কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত দখল দিব নোৱাৰে যেতিয়ালৈ ৰাজ্যই সহায় নিবিচাৰে বুলি কয় কেন্দ্ৰীয় চৰকাৰৰ পক্ষই৷ উল্লেখ্য যে, গো হত্যা ৰক্ষাৰ নামত সংঘটিত হিংসা ৰোধৰ বাবে নিৰ্দিষ্ট আইন নায়৷ যাৰ বাবে আৰক্ষীয়ে তদন্ত কৰাত অসুবিধাই দেখা দিয়াৰ লগতে অপৰাধীয়ে সাৰি যাব পাৰে৷