গুৱাহাটীঃ সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰথম বৰ্ষপুৰ্তি উপলক্ষে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অধিবক্তা বিষ্ণুৰাম মেধীৰ সোঁৱৰণিত প্ৰতিবছৰে আইনৰ ক্ষেত্ৰখনত জড়িত একোজন ব্যক্তিক আছুৰ তৰফৰ পৰা বিষ্ণুৰাম মেধি আদৰ্শ আইনজীৱি বঁটা প্ৰদান কৰা হয়।

সন্থাই এই বেলি এই বঁটাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীক তথা অসম মাতৃৰ সুযোগ্য সন্তান ড° মুকুন্দকাম শৰ্মাক নিৰ্বাচন কৰা হৈছে। এই বটাত নগদ ৫০,০০০ টকা, চেলেং চাদৰ, এখন সফুৰা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই বটা সম্পৰ্কে ঘোষণা কৰাৰ লগতে সভাত উপস্থিত সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ বৰাই অসমৰ আইন শিক্ষাব্যৱস্থাৰ প্ৰতি চৰকাৰৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। লগতে অসমৰ আইন শিক্ষাৰ্থীসকলে নিবনুৱা সমস্যাৰ শতকৰা ২০ শতাংশ নিৰ্মূল কৰি থকাৰ পিছতো অসমত আইন শিক্ষাৰ উন্নয়নৰ প্ৰতি অৱহেলা কৰি অহা বুলি মতপোষণ কৰে।

তেওঁ কয় যে আইন শিক্ষা সফল হ'লেহে দেশৰ গণতন্ত্ৰ সবল হ'ব। ইয়াৰ উপৰিও ৫০ বছৰ গৰকা অসমৰ বহু আইন মহাবিদ্যালয়ক চৰকাৰে আজি পৰ্যন্ত কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাৰ লগতে প্ৰাদেশিকীকৰণ কৰা নাই বুলি উল্লেখ কৰে।

আজি এই সংবাদ মেল যোগে সন্থাই অতি শীঘ্ৰে অসমৰ আইন মহাবিদ্যালয়সমূহক প্ৰাদেশীকৃত কৰিবলৈ দাবী জনায়। লগতে সভাত উপস্থিত সন্থাৰ কেন্দ্ৰীয় সম্পাদক চামছুল হকে ২০১৩ বৰ্ষত  অসম স্বাস্থ্য আইনৰ অধীনত অসমত গুটখা, জৰ্দা আদি  সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰাৰ পিছতো প্ৰতিদিনে অসম চৰকাৰৰ আৰক্ষী-প্ৰসাশনৰ সমুখতে কেনেদৰে এই ধঁপাতজাতীয় সামগ্ৰীসমূহৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে তাৰ বিৰূদ্ধেও প্ৰশ্ন উত্থাপন কৰাৰ লগতে এই বেহা অতি শীঘ্ৰে নিষিদ্ধ কৰাৰ বাবে দাবী জনায়।