newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্বৰ সপ্তম আশ্চাৰ্য্যৰ অন্যতম তাজমহলৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা কৰা দেখা যায়।

উচ্চতম ন্যায়ালয়ে দুয়োখন চৰকাৰৰ সতৰ্ক কৰি দি কয় যে, যদি চৰকাৰে তাজ মহলৰ সংৰক্ষণ কৰিব নোৱাৰে, তেন্তে তাজ মহল ধ্বংস কৰি পেলাওক৷ বুধাবাৰে তাজ মহলৰ তদাৰকৰ বাবে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত এনেদৰে কয় আদালতে৷

তাজমহলৰ উচিত তদাৰকৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কয় যে, তাজমহল আইফেল টাৱাৰতকৈও অধিক সুন্দৰ আৰু ইয়াৰ দ্বাৰা আমি বিদেশী মুদ্ৰাৰ অসুবিধাও দূৰ কৰিব পাৰো৷ উল্লেখ্য যে, য়েই সময়ত ন্যায়াধীশে আইফেলৰ তুলনা এটা টিভি টাৱাৰৰ সৈতে কৰে৷

এনডিটিভিৰ বাতৰি অনুসৰি, উচ্চতম আদালতৰ ন্যায়াধীশে কয় যে, প্ৰত্যেক বছৰে প্ৰায় ৮০ মিলিয়ন লোকে এটা টিভি টাৱাৰৰ দৰে দেখিবলৈ লগা আইফেল টাৱাৰ চাবলৈ যায়৷ কিন্তু তাজ মহল তাতকৈ অনেক বেছি সুন্দৰ৷ যদি চৰকাৰে তাৰ চোৱা-চিতাৰ দায়িত্ব ভালকৈ কৰিলেহেঁতেন, তেন্তে ভাৰতৰ পৰা বিদেশী মুদ্ৰাৰ সমস্যা দূৰ হ’লহেঁতেন৷

ন্যায়াধীশে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্যি কয়, ‘কেৱল এটা স্মাৰকে দেশৰ সমস্যা সমূহৰ সমাধান কৰিব পাৰে৷ কিন্তু আপোনালোকৰ উদাসীনতাৰ কাৰণে দেশৰ হৈ থকা ক্ষতিৰ বিষয়ে আপোনালোক অৱগত নহয় নেকি? দেশত বহু কেইটা স্মাৰক আছে৷ ভালকৈ তদাৰক কৰাটো আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য৷’

ইফালে, আদালতে উত্তৰ প্ৰদেশৰ চৰকাৰে তাজমহলৰ সংৰক্ষণৰ বাবে ভিজন ডকুমেন্টৰী উপস্থাপন কৰিব নোৱাৰাক লৈও অসন্তুস্তি প্ৰকাশ কৰে৷ তাৰ পিছতে আদালতে তাজ মহলৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি কি কৰিছে তাৰ খাতিয়ান বিচাৰি প্ৰশ্ন কৰে৷