newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাৰ প্ৰসিদ্ধ টিভি অভিনেত্ৰী সুৰ্য্যা শিশকুমাৰ আৰু অভিনেত্ৰীগৰাকীৰ মাতৃ আৰু ভগ্নীক নকল নোট চপোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে৷

জানিব পৰা মতে, মালায়লম অভিনেত্ৰীগৰাকীয়ে লোকচানৰ পৰিত্ৰান পাবলৈ আৰু আনৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ ঘৰতে নকল নোট চপাই আহিছিল৷

আৰক্ষীয়ে এই বিষয়ে জানিব পাৰি বৃহস্পতিবাৰে অভিযান চলাই অভিনেত্ৰীগৰাকীৰ বাসগৃহৰ পৰা ২ লাখ নকল নোট আৰু প্ৰায় ৫০ লাখ টকাৰ নকল নোট চপা কৰা কাগজ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে৷

উল্লেখ্য যে, সুৰ্য্যা শিশকুমাৰে কেইবাখনো মালায়লম টিভি ধাৰাবাহিকত সাৱলীল অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷

কিন্তু বিগত কিছু দিন ধৰি তেওঁ আৰ্থিক দুৰাৱস্থাত ভোগাত বিভিন্ন জনৰ পৰা বহু টকা ধাৰলৈ ল’বলগীয়া হয়৷ ধাৰলৈ লোৱা টকাসমূহ পৰিশোধৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে মাতৃ আৰু ভগ্নীৰ সৈতে লগ লাগি ঘৰতে টকা চপা কৰিবলৈ আৰম্ভ কৰে৷

ইফালে এনে কাণ্ড সংঘটিত কৰা ৮ জন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে৷