newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহোৱাল অঞ্চলৰ একমাত্র বজাৰ লাহোৱাল বজাৰৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। বজাৰখনত এতিয়া মানুহে সোপা দি আহ-যাহ কৰিব লগা হৈছে৷ উৎকট দুৰ্গন্ধই এক প্ৰকাৰ ভেঙুচালি কৰিছে স্বচ্ছ ভাৰত অভিযান আঁচনিক৷ 

বিজেপিৰ দখলত থকা তথা মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ একমাত্ৰ বজাৰ খনেই এতিয়া জাৱৰৰ দ'মত পৰিণত হৈছে। চৌদিশে কেৱল এতিয়া জাৱৰৰ দ'ম। গেলা পচা সামগ্ৰীৰ দুৰ্গন্ধত মানুহ ওলাব নোৱাৰা পৰিবেশ। সেয়াও আকৌ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ লাহোৱাল বিধান সভা সমষ্টিত আছে বজাৰখন।

দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক মেচেজ দিছিল দেশ পৰিস্কাৰ কৰাৰ বাবে৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে আজিকোপতি এই অভিযানে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷

 শেহতীয়া উদাহৰণ হৈছে ডিব্ৰুগ় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহোৱাল অঞ্চলৰ একমাত্র বজাৰখন। বজাৰ খন পৰিষ্কাৰ নোহোৱাত সচেতন নাগৰিকে তীব্ৰ সমালোচনা কৰে স্থানীয় বিধায়ক আৰু বজাৰ খনৰ দায়িত্বত থকা লাহোৱাল অাঞ্চলিক পঞ্চায়তক সমালোচনা কৰে। লাহোৱাল প্ৰেছ ক্লাব অাৰু লাহোৱাল অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান লাহোৱাল মহাবিদ্যালয়ৰ সমীপত পৰ্যাপ্ত ডাষ্টবিন নথকাত দুৰ্গন্ধ দৈনিক বজাৰলৈ অহা লোকে জ্বলা-কলা খাব লগা হৈছে। জানিব পৰা মতে, বজাৰ খন কংগ্ৰেছৰ অাঞ্চিলক পঞ্চায়তৰ অধীনত অাছে। ৰাইজে দৈনিক বজাৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ লাহোৱাল অাঞ্চলিক পঞ্চায়তক দাবী জনায়। দৈনিক দোকানীসকলে বজাৰ পৰিষ্কাৰ কৰাৰ বাবে ধন ভৰে যদিও বজাৰ খন হ'লে পৰিষ্কাৰ হোৱা হ'লে দেখা নাযায়।

লাহোৱাল চহৰৰ মাজমজিয়াৰ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। নগৰখনৰ পেলনীয়া সমস্ত আৱৰ্জনা বজাৰৰ সমীপতে পেলোৱাত পিতনি সদৃশ হৈ পৰিছে বজাৰৰ চৌহদ৷

বজাৰখনৰ ব্যৱসায়ীসকলে পেলনীয়া সামগ্ৰীসমূহ য’তে-ত’তে দ’ম কৰাত জাৱৰৰ নগৰ হৈ পৰিছে লাহোৱাল বজাৰখন। এক অস্বাস্থ্যকৰ পৰিৱেশত ক্ৰয়-বিক্ৰয় কৰিব লগা হোৱাত গ্ৰাহকে সমস্যাত পৰিছে।