গুৱাহাটীঃ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। হয়, তাহানিত ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচোৱা তথা সেৱা কৰিবলৈ গৈ শ্বহীদ হৈছিল শ-শ অসমীয়া ডেকা।

অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুন্ঠবোধ নকৰা প্ৰথমগৰাকী শ্বহীদক অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ জাতিক জগাই তোলা শ্বহীদগৰাকীক জাতিয়ে সদায় স্মৰণ কৰি থাকিব৷ নিজ জাতি, মাটি, আপোন মানুহৰ বাবে প্ৰাণ বিসৰ্জণ দিয়া শ্বহীদগৰাকীয়ে নিজৰ প্ৰাণ গলে যাব পাৰে কিন্তু  জাতিৰ সৈতে আপোচ কৰা নহ’ব বুলি ঘৰৰ পৰা ওলাই আহি শ্ল’গানেৰে হাজাৰ হাজাৰ লোকৰ সৈতে ৰাজ পথত উত্তাল কৰি তুলিছিল৷

সেই নিৰ্বাচন অনুষ্ঠিত হ’লে অসমৰ ভোটৰ তালিকাত হাজাৰ হাজাৰ বিদেশিৰ নাম অন্তৰ্ভুক্ত হ’ব বুলি ভাবি আৰু এদিন জাতিটোৱে বিপদত পৰিব বুলি উমান পাই তেও ঘৰত থাকিব পৰা নাছিল৷ তেও ওলাই আহিছিল ঘৰৰ পৰা৷ মাতৃৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই আহি বিদেশীৰ নাম থকা ভোটৰ তালিকাৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ দিছিল৷ তেতিয়াৰ পূব পাকিস্তান এতিয়াৰ বাংলাদেশৰ পৰা অসমত প্ৰবেশ কৰা অবৈধ নাগৰিকক চিনাক্ত কৰিবই লাগিব বুলি হুংকাৰ দিয়া অগণন লোকক নেতৃত্ব দিছিল তেওঁ৷

অসমত থলুৱাৰ প্ৰভূত্ব থাকিবই লাগিব বুলি হুংকাৰ দিয়া অগণন লোকে ৰাজ পথলৈ ওলাই আহিছিল৷ বৰপেটা জিলাৰ সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰে নেতৃত্ব দিছিল জিলা খনৰ আন্দোলনক৷ দেশ তথা ৰাজ্যৰ চৰকাৰে যিকোনো বিনিময়ত অনুষ্ঠিত কৰিব বিছাৰিছিল নিৰ্বাচন৷ অসমৰ ডেকা, অৱাল, বৃদ্ধ বনিতাই কোনো কাৰণত নিৰ্বাচন অনুষ্ঠিত কৰিব দিয়া ন’ব বুলি হুংকাৰ দিছিল৷ যেতিয়ালৈ ভোটৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰা নহয় তেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷

চৌদিশে যুৱ প্ৰজন্ম ওলাই আহে বিদেশী বহিস্কাৰ তথা নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ দাবীৰে৷ ঠায়ে ঠায়ে একাংশ লোকে মনোনয়ন পত্ৰ জমা দিবলৈ সাজু হয়৷ তেতিয়াৰ যুৱ প্ৰজন্মই কোনো কাৰণতে নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়াৰ বাবে ঠায়ে ঠায়ে বাধা প্ৰদান কৰে৷ তাৰ মাজতে বৰপেটাতো মনোনয়ন পত্ৰ দিবলৈ যোৱা লোকক বাধা প্ৰদান কৰিবলৈ গৈছিল ভৱানীপুৰৰ তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰে৷ কিন্তু আৰক্ষীৰ গুলীত নিহত হৈছিল ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ৷

১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ সেই আন্দোলনৰ প্ৰখম শ্বহীদ হৈছিল৷ সেই খন আন্দোলন আছিল অসম আন্দোলন৷ আছুৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনৰ প্ৰথম গৰাকী প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ৷ জাতিয় সংগ্ৰাম তথা অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজিৰ দিনটোতে আৰক্ষী গুলীত নিহত হৈছিল৷ জাতীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জপিয়াই পৰা ভৱানীপুৰৰ তেজাল ডেকা খৰ্গেশ্বৰ তালুকদাৰৰ অসমৰ ঐতিহাসিক বিদেশী বিতাড়ণ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ৷

বজালীৰ উজান বৰবড়ীৰ যুৱকজনে অসমীয়া জাতিৰ বাবে নিজৰ জীৱনক বিসৰ্জন দিবলৈ কুন্ঠাবোধ কৰা নাছিল৷ আজি ৰাজ্যজুৰি শ্বহীদগৰাকীক দল-সংগঠনে স্মৰণ কৰে৷ ঠায়ে ঠায়ে নাম প্ৰসংগ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে৷ খৰ্গেশ্বৰ তালুকদাৰে ১৯৫৯ চনত জন্ম  গ্ৰহণ কৰিছিল বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবড়ীত। সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী তালুকদাৰে আন্দোলনৰ আৰম্ভ হোৱাৰ সময়তে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হয়।

১৯৭১ চনত বাংলাদেশে স্বাধীনতা লাভ কৰে আৰু পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমত প্ৰবেশ কৰে৷ বাংলাদেশৰ স্বাধীন হোৱাত বহু লোক গুছি যায় বহু লোক অসমত থাকিবলৈ ধৰে। লাহে লাহে বিদেশী সমস্যাই অসমীয়াই গুৰুত্ব সহকাৰে লবলৈ আৰম্ভ কৰে৷ ১৯৭৮ চনত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবৰ সময়ত ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাত সকলোৱে আঁচৰিত হৈ পৰে৷

সদৌ অসম ছাত্ৰ সন্থাই এই কথাক গুৰুত্ব সহকাৰে লয়৷ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বিদেশী সমস্যাক লৈ গুৰুত্ব পূৰ্ণ আলোচনা কৰে৷ অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ আন্দোলনৰ সিন্ধান্ত লয়৷ যাৰ ফলত এই আন্দোলনে ভয়াবহ ৰূপ লয়৷ চৰকাৰে আন্দোলনকাৰীৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত ৮৫৫ গৰাকী লোক শ্বহীদ হয়৷