ডিজিটেল ডেস্কঃ বিগ বছ ১০ ত দেখা দিয়া এতিয়ালৈকে আটাইতকৈ বিতৰ্কিত প্ৰতিযোগীজনেই আছিল স্বামী ওম। কোনোৱেই যেন সহ্য নকৰে এই ওমক।

চলমান খানক চৰিওৱাৰ কথা কৈ হাঁহিয়াতৰ পাত্ৰ হোৱাৰপৰা আৰম্ভ কৰি বক্ষবন্ধনী নিপিন্ধিলে মহিলাক কেনে দেখি তাৰে ডেম’ দি বিতৰ্কৰ মাজলৈ অহা এই স্বামী ওমে ৰাখী সাৱন্তৰপৰা আৰম্ভ কৰি পুনম পাণ্ডে, কেকেআৰ সকলোকে ইনচিকিউৰ কৰি ৰাখিছে। 

এই ওমকে নাথুৰাম গডছেৰ জয়ন্তীৰ সমাৰোহ উপলক্ষে নতুন দিল্লীৰ বিকাশ নগৰ স্থিত সত্যম বাতিকাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

তাতেই মঞ্চত উঠামাত্ৰকে ক্ষুণ্ণ হৈ পৰে উপস্থিত লোকসকল। গডছেৰ জয়ন্তীত এনে লোকৰ উপস্থিতি শোভা নাপায় বুলি ক্ষুব্ধ হৈ পৰা জনতাই মঞ্চতে উঠি স্বামী ওমক অপদস্থ কৰে। 

ইয়াৰ পুৰ্বে ২০১৭ বৰ্ষৰে জানুৱাৰি মাহত নিউজ চেনেলৰ টক শ্বো এটাত গৈ দৰ্শকৰ চৰ-ঘোচা খাবলগীয়া হৈছিল ওমে।