লালুকঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ নিজ লালুক গাওঁ পঞ্চায়ত এলেকাত সৰ্বত্ৰে স্বচ্ছতা অভিযান কাৰ্যসূচী আজি ৰূপায়ন কৰা হয়৷

কাৰ্যসূচীত পুৱা স্বচ্ছতা ৰেলী, সামুহিক চাফাই আৰু বৃক্ষ ৰোপন কৰে৷ লগতে নিজ লালুক গাঁও পঞ্চায়তৰ পৰা লালুক বাছ আস্থান, লালুক দৈনিক বজাৰ এলেকা সামৰি মুঠ বাৰটাকৈ ডাষ্টবিন স্থাপন কৰা হয়৷

এই স্বচ্ছতা অভিযান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নাওঁবৈচা ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাই৷ অনুষ্ঠানত নিজ লালুক গাঁও পঞ্চায়তৰ সভাপতি ব্ৰজ গোপাল পাল, সচিব ললিত বৰা, আঞ্চলিক সদস্যা সূপৰ্ণা দত্ত, লালুক দৈনিক বজাৰ পৰিচালনা সমিতি, পঞ্চায়তৰ ৱাৰ্ড সদস্য সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়৷