ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱৰা তামিলনাডুৰ কৃষকসকলে এইবাৰ লৈছে প্ৰতিবাদৰ এক নতুন কাৰ্যসূচী। বিগত ৩০ দিন ধৰি নায্যপ্ৰাপ্তিৰ যুঁজ অব্যাহত ৰখা কৃষকে এইবাৰ মোদীৰ মুখা পিন্ধি চাবুকেৰে কোবাইছে কৃষকক। একপ্ৰকাৰ কেন্দ্ৰৰ অন্যায়-অত্যাচাৰৰ বলি হোৱা বুলি এনেদৰে ব্যক্ত কৰিছে কৃষকে।

নায্যপ্ৰাপ্তিৰ বাবে মৃত কৃষকৰ লাওখোলা ডিঙিত আঁৰি লোৱাৰপৰা আৰম্ভ কৰি সামূহিক মুণ্ডন কৰা তামিলনাডুৰ কৃষকৰ দলে কেইদিনমান আগেয়ে নগ্ন হৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। 

দেশখনৰ জনসাধাৰণৰ পেট পুৰোৱা কৃষকে ঘাঁহ খাই জীৱন নিৰ্বাহ কৰিব লাগিব নেকি বুলি একপ্ৰকাৰ প্ৰতীকি প্ৰতিবাদ স্বৰূপে কৃষকৰ দলটোৱে ঘাঁহ খাই সোমবাৰে প্ৰতিবাদ প্ৰদৰ্শন কৰিছিল। দেশৰ আগশাৰীৰ সকলো সংবাদ মাধ্যমতে প্ৰচাৰ হৈছিল এই সকলোবোৰ বাতৰি। 

ঋণ ৰেহাই তথা খৰাঙৰ বাবে সাহায্যৰ দাবীৰে যন্তৰ-মন্তৰ প্ৰতিবাদমুখৰ কৰি তোলা তামিলনাডুৰ কৃষকসকলক এতিয়ালৈ কোনোধৰণৰ সঁহাৰি দিয়া নাই কেন্দ্ৰ চৰকাৰে।

মূলতঃ তামিলনাডুত খৰাঙৰ সাহায্যৰ বাবে ৪০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ দাবী জনাই এনেদৰে প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখিছে ৰাজ্যখনৰ কৃষকসকলে৷ উত্তৰ প্ৰদেশৰ দৰে তামিলনাডুৰ কৃষকৰো ঋণ ৰেহাইৰ দাবী জনাইছে কৃষকে।