newsnextone.com| তামুলপুৰঃ তামুলপুৰত কালানদীত উটি গৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু। ব্যৱসায়ী জনৰ নাম ৰতিছ ৰায় বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ৬৫ বছৰ। তেঁওৰ ঘৰ তামুলপুৰ থানাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত নতুন বস্তিৰ আঙাৰকাটাত। জানিব পৰা মতে অইন দিনাৰ দৰে কালিও তেওঁ সন্ধিয়া টেংকী বজাৰৰ পৰা নিজ গৃহলৈ গৈ আছিল। কিন্তু তেওঁ কালানদী পাৰ হবলৈ লওঁতেই তেওঁ নদীৰ বাঢ়নি পানীত উটি যায়।

উল্লেখযোগ্য যে নদীত কোনো স্থায়ী দলং নাছিল। ইপিনে বহু পলমকৈ তেওঁ ঘৰ গৈ নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱা লাগে। গোটেই নিশা তেওঁক বিছাৰি চলাথ কৰে যদিও তেওঁৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে। আজি দিনৰ ভাগত তেওঁৰ মৃতদেহ কালানদীত উদ্ধাৰ হয়। শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।