ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটী মহানগৰীত বিশ্বৰ কেইবা খনো দেশৰ প্ৰতিনিধি তথা উদ্যোগপতিৰ উপস্থিতিত Advantage Assamৰ Global Investor Summit অনুষ্ঠিত হ’বৰ বাবে কেইটামান ঘন্টা বাকী থকা অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰত তীব্ৰ সমালোচনা কৰে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক বিজেপি মিত্ৰজোট চৰকাৰখনক মেলামুখীয়া চৰকাৰ আখ্যা দি গগৈয়ে চৰকাৰখনে জনসাধাৰণৰ উন্নয়নক পিঠি দি উৎসৱ আৰু বিজ্ঞাপনতে ব্যস্ত থকা বুলি কটাক্ষ কৰে।

ডিব্ৰুগড়ত শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ডিব্ৰুগড় ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজ্য চৰকাৰে আয়োজন কৰা Advantage Assam সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেলা, উৎসৱ পাতিলেই অসমলৈ বিনিয়োগকাৰী নাহে বুলি কয়।

বিনিয়োগকাৰী তেতিয়াহে আহিব যেতিয়া অসমত পৰ্যাপ্ত পৰিমানে বিনিয়োগকাৰীসকলক সুবিধা প্ৰদান কৰিব। আমাৰ চৰকাৰৰ কাৰ্যকালত এন ই আই পি পি অনুষ্ঠিত কৰাৰ সময়ত বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা দিয়াৰ পিছতো কোনো বিনিয়োগকাৰী অহা নাছিল। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে বিজেপিৰ 'বেয়া দিন' আহি আছে বুলি উল্লেখ কৰি কয় ‘‘এতিয়া সৰ্বসাধাৰণৰ বাবে 'ভাল দিন' আহিছে৷ কিন্তু বিজেপিৰ বাবেহে আহিছে বেয়া দিন’’।

তদুপৰি তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে গংগা নদীতকৈ ব্ৰহ্মপুত্ৰ নদীক বেছি গুৰুত্ব দিব লাগিছিল। কিয়নো ব্ৰহ্মপুত্ৰৰ সৈতে অসমৰ স্বাভিমান জড়িত হৈ আছে। ব্ৰহ্মপুত্ৰক অৱজ্ঞা কৰা মানেই অসমৰ অসমীয়াক অৱজ্ঞা কৰা। বিজেপি চৰকাৰৰ কাৰ্যকালতে আটাইতকৈ কয়লাৰ ছিণ্ডিকেট বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ছিণ্ডিকেট বন্ধ হোৱা বুলি দাবী কৰিলেও সামগ্ৰীৰ দাম বৃদ্ধি হৈয়ে আছে বুলি উল্লেখ কৰে।

ইপিনে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ বাজেটে কৰ্পৰেট গোষ্ঠীক বেছিকৈ লাভান্বিত হোৱা বুলি উল্লেখ কৰি মোডীৰ কাৰ্যকালত ধনী-দুখীয়াৰ মাজত পাৰ্থক্য বৃদ্ধি পাইছে বুলিও তীব্ৰ ভাষাৰে সমালোচনা কৰে। সংবাদমেলত প্ৰাক্তন জ্যেষ্ঠ মন্ত্ৰী পৃথিৱী মাঝি, প্ৰণতি ফুকন, ডিব্ৰুগড় জিলা কংগ্ৰেছ সমিতিৰ সভাপতি এটুৱা মুণ্ডাকে ধৰি বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে।