newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে প্ৰতিদিনেই বিশেষ ৰাজ্যৰ দাবীত প্ৰতিবাদ কৰি গৈছে। সংসদৰ ভিতৰত হৈ হাল্লা কৰাৰ লগতে সংসদৰ বাহিৰতো সমানে প্ৰতিবাদ কৰিছে। সোমবাৰে পুৱা দুয়ো সদনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদৰ মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী জনায়। 

টিডিপিয়ে উত্থাপন কৰা অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত চৰ্চা আৰু ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছতো টিডিপিয়ে সংসদত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ দৰেই সোমবাৰেও পুৱাৰে পৰা অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰেদশ ৰাজ্যৰ পুনৰ গঠন কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে৷ টিডিপি দলৰ সাংসদসকলে সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ থিয় দি প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংসদ সকলে বিভিন্ন শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷