ডিমাকুছিঃ লাঞ্চিত-বঞ্চিত চাহ শ্ৰমিকৰ হৈ ওৰে জীৱন সংগ্ৰাম কৰি অৱশেষত বিদায় ললে তুলসী কুজুৰে৷ চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, বিদ্যুৎ সেৱা আদিৰ বাবে সংগ্ৰাম কৰি জনপ্ৰিয় হৈ পৰা তুলসী কুজুৰেদেওবাৰে ৬২ বছৰ বয়সত ওদালগুৰি জিলাৰ ডিমাকুছিৰ শুৱলাৰ নিজ বাস ভৱনত মৃত্যুক আকোৱালি লয়৷

বিশিষ্ট সমাজকৰ্মী, চাহ জনজাতি নেতা, দৰং জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ কৰ্মী তুলসী কুজুৰে দীৰ্ঘ দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল৷

দীৰ্ঘদিন শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও জনজাতি নেতা জনৰ ৬২ বছৰ বয়সত নিজ বাসগৃহতে মৃত্যুক আকোৱালি লয়৷ জনপ্ৰিয় নেতা জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত ডিমাকুছি প্ৰেছ ক্লাৱৰ সভাপতি ৰুদ্ৰ ডেকা, ওদালগুৰি জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰবাৰ্টচন তান্তীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷