newsnextone.com | চৰাইদেউঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷ চৰকাৰে সামন্য মজুৰি বঢ়ালে যদিও তাতেই সন্তুষ্ট নহয় ৰাজ্যৰ চাহ শ্ৰমিক।

ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাহ শ্ৰমিকে চৰাইদেউ জিলাতো প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সোমবাৰেও চৰাইদেউ জিলাত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

আছাৰ চৰাইদেউ জিলা সমিতিয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য চৰকাৰক মিছলীয়া আখ্যা দিয়ে। সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দি চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে। হাতে হাতে বেনাৰ ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান প্ৰদান কৰি ক্ষোভ ব্যক্ত কৰে।

প্ৰতিবাদ সাব্যস্ত কৰি ১৩৭ টকাৰ পৰিৱৰ্তে ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ  কৰাৰ দাবী জনায়৷ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, অসম চৰকাৰ হায় হায়, শ্ৰম মন্ত্ৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ ৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাত চাহ শ্ৰমিকসকল চৰকাৰৰ বিৰুদ্ধে সােচ্চাৰ হৈ পৰে৷