নগাঁওঃ ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে গুণোৎসৱ অনুষ্ঠিত কৰিছে যদিও একাংশ শিক্ষকে শিক্ষা বিভাগটোৰ সংস্কাৰ হোৱাটো কমনা নকৰি বিভিন্ন অনৈতিক কাৰ্যত জৰিত হৈ পৰা দেখা যায়৷ শিক্ষা মন্ত্ৰীয়ে শিক্ষাৰ মানদণ্ড অধিক গতিশীল আৰু ত্বৰান্বিত কৰি তোলাৰ লক্ষ্য বিভাগটোক স্বচ্ছ, নিকা আৰু সংস্কাৰমুখী কৰাৰ উদ্দেশ্য কাৰ্যসূচী গ্ৰহণ কৰি আমূল পৰিৱৰ্তন কৰাৰ চেষ্টা চলােৱাৰ সময়তে ৰাজ্য খনৰ একাংশ শিক্ষকে নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰৰা অভিযোগ উত্থাপন হৈ আহিছে৷

তাৰ মাজতে, নগাঁও জিলাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ৷ নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত গৰিয়া কাৱৈমাৰী বালক মোক্তাৱৰ প্ৰধান শিক্ষক ছফিকুল ইছলামৰ বিৰুদ্ধে অনিয়মীয়া উপস্থিতিৰ অভিযোগ উত্থাপন কৰে খোদ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। প্ৰধান শিক্ষক জনে চৰকাৰী নীতি নিয়ম উলংঘা কৰি নিজ ইচ্ছামতে মতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিদ্যালয় ছুটী দি ঘৰলৈ যোৱাৰ অভিযোগো উত্থাপ নহয়৷

ইমানে নহয় নিতৌ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন নুখুওৱা, বিদ্যালয়ৰ ছাত্ৰক প্ৰমাণ পত্ৰ দিয়াৰ নামত ৩০০-৫০০ টকা অতিৰিক্ত মাচুল লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱকে। পৰিচালনা সমিতিৰ সভাপতিয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, প্ৰধান শিক্ষক ছফিকুল ইছলামে প্ৰায়ে মাদক দ্ৰব্য সেৱন কৰি বিদ্যালয়খনত বহু পলমকৈ উপস্থিত হয়। যোৱা ৫ ফেব্ৰুৱাৰীত চাৰে বাৰ বজাত বিদ্যালয়খন ছুটি দিয়া বুলি বিদ্যালয়ৰ কণ কণ ছাত্ৰসকলে সাংবাদিকক জানিবলৈ দিয়ে।

চৰম মইমতালিৰে বিদ্যালয় কাম কাজ চলাই থকা প্ৰধান শিক্ষক জনে স্বেচ্ছাৰিতাৰে বিদ্যালয় খনত দীৰ্ঘদিন ধৰি ৰাজত্ব চলাই আহিছে, যাৰ ফলত  বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ক্ৰমান্বয়ে বিনষ্ট হৈ আহিছে প্ৰধান শিক্ষকজনৰ এনে কাৰ্যৰ বাবে৷ অতিষ্ঠ অভিভাৱক-পৰিচালনা সমিতিয়ে জুৰীয়া শিক্ষা খণ্ড বিষয়া আবুল খায়েৰক অভিযোগ দিছিল যদিও আজিকোপতি আশ্চৰ্যজনকভাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিষয়াজনে।

প্ৰধান শিক্ষকজনে কণ কণ ছাত্ৰ সকলৰ জীৱনক লৈ হেতালি খেলাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ লৈ যোৱা বুলি অভিভাৱকে ক্ষোভ ব্যক্ত কৰে৷ জুৰীয়া শিক্ষা খণ্ডৰ বিষয়াৰ সৈতে প্ৰধান শিক্ষক ছফিকুল ইছলামৰ বুজা বুজি আছে বুলি সচেতন মহলৰ মাজত এক গুণাগঠা চলিছে।

এতিয়া প্ৰশ্ন হয়, শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ পৰিৱতৰ্ন হৈছে বুলি ফটা ঢোল কোবাই থকাৰ সময়তে শিক্ষা বিভাগৰ এনে এজন প্ৰধান শিক্ষকৰ কাৰ্যই শিক্ষা বিভাগে সাধন কৰা গ্ৰাম্য অঞ্চলৰ শিক্ষা-ব্যৱস্থাৰ কিমান পৰিৱতৰ্ন  হৈছে তাৰ ছবি খন উন্মোচিত কৰিছে। দুৰ্নীতিত লিপ্ত থকা ৰাগিয়াল দ্ৰব্য সেৱন কৰি বিদ্যালয়লৈ অহা শিক্ষক ছফিকুল ইছলামৰ কাৰ্যই সচেতন সমাজক লজ্জানত কৰিছে। প্ৰধান শিক্ষক ইছলামক বিভাগে কঠোৰ শাস্তি দিয়াৰ লগতে বিদ্যালয়ৰ পৰা বদলিকৰাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে গৰিয়া কাৱৈমাৰীবাসী ৰাইজে।