তিনিচুকীয়াঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি মঙলবাৰে সমগ্ৰ দেশৰ শিক্ষাখণ্ডৰ কাৰ্যালয় সমূহত ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰিব৷

তাৰেই পৰিপ্ৰেক্ষিতত অসমতো সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অসমৰ সকলো শিক্ষাখণ্ডৰ কাৰ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব৷

উল্লেখ্য যে নতুন পেঞ্চন নীতিৰ সলনি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ উপৰিও, ষষ্ঠ দৰমহা আয়োগৰ আঁসোৱাহ দূৰ কৰি প্ৰয়োজনীয় সংশোধন ঘটাই সপ্তম দৰমহা আয়োগৰ প্ৰতিবেনত প্ৰতিফলিত কৰা, সকলো পৰ্যায়ৰ শিক্ষককে "সম কামৰ সম দৰমহা" প্ৰাথমিক শিক্ষা আৰু শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ এখন ৰাষ্ট্ৰীয় আয়োগ গঠন আদিৰ দাবী পূৰণাৰ্থে ৰাজ্যৰ শিক্ষকসকলে দিনৰ এঘাৰ বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

ইতিমধ্যে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰ সম্পাদকসকলৰ জৰিয়তে ধৰ্ণা তথা বিক্ষোভ কাৰ্যসূচীৰ বতৰা শিক্ষকসকলৰ মাজত প্ৰচাৰ কৰিছে বুলিও জানিব পৰা গৈছে ৷