কোকৰাঝাৰঃ নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখা, দেশৰ সকলো ৰাজ্যতে ১জানুৱাৰী, ২০১৬ ৰ পৰা সপ্তম দৰমহা অায়োগ কাৰ্যকাৰী কৰা, সম কামৰ বাবে সম দৰমহা প্ৰদান কৰা, প্ৰাথমিক শিক্ষা অাৰু শিক্ষকৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় অায়োগ গঠনৰ দাবীত অান্দোলন অাৰম্ভ কৰা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষা সন্মিলনীৰ অান্দোলন কাৰ্যসূচীৰ সমৰ্থনত অাৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অাহ্বানত অাজি কোকৰাঝাৰ মহকুমা প্ৰাথমিক সন্মিলনীৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ দুই শিক্ষা খণ্ড ক্ৰমে কোকৰাঝাৰ অাৰু দোতমা শিক্ষা উন্নয়ন খণ্ডৰ কেবাশতাধিক শিক্ষকে ধৰ্ণা, বিক্ষোভ, শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

কোকৰাঝাৰ শিক্ষা উন্নয়ন খণ্ডৰ শ্যামগাঁওস্থিত কাৰ্যালয় প্ৰাংগনত অাজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা দুইঘণ্টীয়া ধৰ্ণা অাৰু বিক্ষোভ কাৰ্যসূচীত কেবা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰাপ্য দাবীৰ সমৰ্থনত শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক সুব্ৰত ধৰে ধৰ্ণাত অংশগ্ৰহণ কৰি  ৰাজ্যত এতিয়াও চাৰিহাজাৰতকৈ অধিক বিদ্যালয়ত এজনীয়া শিক্ষক অাৰু বহু বিদ্যালয়ত শিক্ষকেই নাই বুলি মন্তব্য কৰি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পৰীক্ষাৰ ব্যৱস্থা নথকাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হোৱা বুলি উল্লেখ কৰে।

ব্যাক্তিগত খণ্ডৰ বিদ্যালয়বোৰত পৰীক্ষা ব্যৱস্থা থকাৰ দৰে চৰকাৰী খণ্ডৰ  বিদ্যালয়বোৰতো পৰীক্ষাৰ ব্যৱস্থা চালু কৰিব লাগে নাইবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰাও পৰীক্ষাৰ ব্যৱস্থা উঠাই দিয়াৰ বাবে চৰকাৰে হস্তক্ষেপ কৰা উচিত বুলি মন্তব্যৰে  সুব্ৰত ধৰে উদাৰ অৰ্থনীতিৰ ফলত অাজিকালি অভিভাৱকে সন্তানক নামী-দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই  চাকৰিমুখী শিক্ষাৰ প্ৰতি  ধাৱিত কৰে।

চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰৰ শিক্ষকবোৰক শিক্ষাদানৰ উপৰিও এনঅাৰচি , বিএলঅ অাদিকে ধৰি বহু দায়িত্ব দিয়া হয় বাবেই শিক্ষাদান কৰাত বাধাৰ জন্ম হয় বুলি মন্তব্য কৰি শিক্ষকৰ দাবী সমুহ চৰকাৰক মানি লবলৈ অাহ্বান জনায় সুব্ৰত ধৰে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত  খণ্ড প্ৰাথমিক শিক্ষা  উন্নয়ন বিষয়া সৌমদৌন নাৰ্জাৰীৰ জৰিয়তে চাৰিদফীয়া দাবীৰ সমৰ্থনত ৰাষ্ট্ৰপতি , প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

কোকৰাঝাৰৰ শ্যামগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি বিনোদ চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক বিকাশ সুৱেদীও উপস্থিত অাছিল।