newsnextone.com | তামুলপুৰঃ বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় সমূহত আজিৰে পৰা তিনি দিনীয়াকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰাদেশিকীকৰণৰ দাবীত এই শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হয়। 

সদৌ বিটিচি অপ্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ড০ যোগেন বড়োৱে এই বিষয়ে জানিবলৈ দি কয় যে যোৱা ২১ ছেপ্টেম্বৰত ৰঙিয়া কৃষক শ্বহীদ ভৱনত সন্থাৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ধন ৰাজন লালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিটিচি এলেকাৰ মহাবিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিনিধি সকল উপস্থিত থাকে। 

সভাত বিটিচিৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনোৱা হয়। লগতে শিক্ষানুষ্ঠান বিল ২০১৭ আইনত পৰিণত কৰি শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হয়। সিদিনাৰ সভাৰ এক সিদ্ধান্ত অনুসৰি আজিৰে পৰা তিনি দিন ধৰি বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হয়। 

আজি শিক্ষক-কৰ্মচাৰীসকলৰ এনে গণতান্ত্ৰিক আন্দোলনৰ ফলত শিক্ষানুষ্ঠান সমূহত পাঠদান ব্যাহত হয়। ফলত দূৰ দূৰণিৰ পৰা গাঁঠিৰ ধন ভাঙি অহা ছাত্র-ছাত্ৰী সকলে বিফল মনোৰথে উভতি যাব লাগে হয়। ইপিনে সদৌ বিটিচি অপ্ৰাদেশীকৃত ডিগ্ৰী মহাবিদ্যালয় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ড০ যোগেন বড়োৱে কয় যে, শিক্ষানুষ্ঠান বিল ২০১৭ক লৈ চৰকাৰে হেতালি খেলি আছে। ৰাজ্য চৰকাৰ কিম্বা বিটিচি প্ৰশাসনে বিটিএডিৰ ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে  কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। 

বড়োৱে অতি দুখেৰে কয় যে, শিক্ষক-কৰ্মচাৰীৰ এনে শ্ৰেণীবৰ্জন কাৰ্যসূচীৰ বাবে ছাত্র-ছাত্ৰীসকল যথেষ্ট ক্ষতিৰ সন্মূখীন হ’ব। সেয়েহে অতি শীঘ্ৰে বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰাদেশিকীকৰণ কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক অনুৰোধ জনাইছে। ইয়াৰ পিছতো যদি বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰদেশিকীকাৰণ কৰা নহয়, তেন্তে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰু অনিৰ্দিষ্টকালীন ভাৱে শ্ৰেণী বৰ্জন কাৰ্যসূচি গঢ়ি তুলিবলৈ বাধ্য হ’ব। 

উল্লেখযোগ্য যে বিটিচি এলেকাত মহাবিদ্যালয় ২০ খন, কণিষ্ঠ মহাবিদ্যালয় ২৬ খন, উচ্চতৰ মাধ্যমিক বিদ্যালয় ০৯ খন, উচ্চ মাধ্যমিক ৯৩ খন আৰু এম ই/এল পি স্কুল ১১৭৪ খন অপ্ৰাদেশীকৃত হৈ আছে।