প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | নামতিঃ অবলা নাৰীয়ে যোৱা তিনিমাহে শিৱসাগৰ আৰক্ষীৰ সহায় বিচাৰিছিল। কিন্তু অসম আৰক্ষীয়ে সহায় নকৰাত সংবাদ মাধ্যম যোগে চৰকাৰ আৰু উচ্চ পদস্থ বিষয়াক আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ এগৰাকী মহিলাৰ পৰা ধন লুটি নিয়াৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ অভিযোগ উত্থাপন কৰে।

শিৱসাগৰ জিলাৰ বিহুবৰৰ মঞ্জু চেতিয়া নামৰ মহিলাগৰাকীয়ে চলিত বৰ্ষৰ ১৩ এপ্ৰিলত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন স্বামীৰ খবৰ লবলৈ আহিছিল। 
ডিব্ৰুগড় জিলালৈ যোৱাৰ সময়তে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা ধন উলিয়াবলৈ শাৰী পাতে। মহিলাগৰাকীৰ ডিব্ৰুগড়লৈ যাবৰ বাবে পলম হোৱাত সন্মুখতে থকা এজন লোকক ৪ হাজাৰ টকা উলিয়াই দিবৰ বাবে এটিএম কার্ড খন দিয়ে। 

এটিএম দিয়াৰ পিছত লোকজনে টকা উলিয়াই দি মহিলাগৰাকীক এটিএম খন ঘুৰাই দিয়ে। উক্ত সময়তে লোকগৰাকীয়ে এটিএম খন সাল সলনি কৰে। ৰুগীয়া স্বামীৰ চিন্তাত মগ্ন সহজ-সৰল মহিলাগৰাকীয়ে টকাৰ সৈতে কার্ডখন বেগত ভৰাই ডিব্ৰুগড়লৈ যাত্ৰা আৰম্ভ কৰে। 

ডিব্ৰুগড়ত পুনৰ টকা প্ৰয়োজন হোৱাত এটা এটিএমৰ পৰা টকা উলিয়াবলৈ ধৰোতে এটিএম কার্ডটো সলনি কৰা বুলি প্ৰত্যক্ষ কৰে। মহিলাগৰাকীয়ে ১৩-১৬ এপ্ৰিলৰ ভিতৰত একাউণ্টৰ পৰা মুঠ ১,৫৬,০০০ টকা উলিয়াই নিয়ে উক্ত লোকগৰাকীয়ে।

যোৱা ১৭ এপ্ৰিলত মহিলাগৰাকীয়ে শিৱসাগৰৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু সদৰ আৰক্ষীয়ে এজাহাৰ দাখিলৰ তিনি মাহৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে। কেৱল চিচিটিভিৰ পৰা ফটো সংগ্ৰহ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰে বুলি কয় মহিলাই। মহিলাগৰাকীয়ে উপায়হীন হৈ ৰুগীয়া স্বামীৰ সৈতে সাংবাদিকৰ কাষ চাপে। চৰকাৰ, জিলা প্ৰশাসনক ঘটনাৰ সর্ন্দভত তদন্ত কৰাৰ লগতে আৰক্ষীয়ে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।