গুৱাহাটীঃ ৰাজ্য চৰকাৰে শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিশ্ব বাণিজ্য সন্মিলনৰ দেওবাৰে দ্বিতীয় দিন। দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত শনিবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত আৰম্ভ হোৱা Advantage Assamৰ Global Investor Summitত কেইবা খন MoU স্বাক্ষৰ কৰা হয়৷ য’ত দেশী-বিদেশী বিনিয়োগকাৰীয়ে অসমত নিয়োগ কৰাটো একপ্ৰকাৰ খাতাং হৈ পৰে৷ Advantage Assamৰ বাবে অসম ভৰি পৰিছে দেশী-বিদেশী আলহীৰে আজিও ভৰি আছে অসম৷

শনিবাৰে পুৱা ১১ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে খানাপাৰালৈ আহে আৰু প্ৰায় ৪৪ মিনিট ভাষণ প্ৰদান কৰে৷ মুকেশ আম্বানী, অজিত সিং আদিৰ দৰে দেশৰ বিশিষ্ট উদ্যোগপতি উপস্থিত থাকে৷ উদ্যোগপতিসকলে কেইবা হাজাৰ টকা অসমত বিনিয়োগ কৰাৰ আশ্বাস দিয়ে৷ আনহাতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত টুইন টাৱাৰ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে ৬৫,১৮৬ কোটি বিনিয়োগ কৰাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে৷

দেশী-বিদেশী আলহী অহাৰ পূৰ্বে চৰকাৰে গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা হৈছিল৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰি দিয়ে৷ দেওবাৰে আছিয়ান দেশসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাজ্য চৰকাৰে সম্পাদন কৰে কেইবা খনো বাণিজ্যিক চুক্তি।

গুৱাহাটী মহানগৰীৰ সমীপৰ তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ সমীপৰ পলাশবাৰীক Tech City (electronic manufacturing cluster) হিচাপে নিৰ্মাণ কৰাৰ বাবে কেইবা শ কোটি টকা ধাৰ্য কৰে চৰকাৰে৷ অসম–বাংলাদেশৰ মাজতো বাণিজ্যিক সম্পৰ্ক গঢ়ি নতুন ইতিহাস সৃষ্টিত গুৰুত্ব দিছে চৰকাৰে৷ প্ৰায় ৪ হাজাৰ কোটি টকাৰে অসম আৰু বাংলাদেশৰ চট্টগ্ৰামৰ মাজত যোগাযোগ ব্যৱস্থা সহজ কৰাৰ বাবে আঁচনি ৰূপায়ণ কৰিব অসম আৰু বাংলাদেশে উভয়ে৷ বাংলাদেশে শাড়ী, মৎস্য, কৃষকৰ সাৰ, প্লাষ্টিক আদি ৰপ্তানি কৰিব৷ আনহাতে অসমৰ পৰা বাংলাদেশে শক্তি আমদানি কৰিব৷