ডিজিটেল ডেস্কঃ 'ভাৰতীয় মানুহ ভাল বস্তুৰ যোগ্য নহয়’- এইটোৱে আছিল ২২ মেৰপৰা ছ’চিয়েল মিডিয়াত চৰ্চালৈ অহা বিষয়। সেয়ে ২০০ টকীয়া হেডফোনৰ সলনি ৩০ টকীয়া হেডফোনৰ বিকল্পৰ কথা ভাবিবলগীয়া হৈছে এটা বিভাগে।

দৰাচলতে মুম্বাইৰপৰা গোৱালৈ তেজাচ নামৰ এখন বিশেষ এক্সপ্ৰেছ মুকলি কৰা ইণ্ডিয়ান ৰেলৱে কেটাৰিং আৰু ট্যুৰিজিম কৰ্প’ৰেশ্যন চমুকৈ আইআৰচিটিচিয়ে ভাৰতীয়ৰ আচৰণক লৈ বিপাঙত পৰিছে।

কিয়নো ৰাজহুৱা সেৱাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয়ই বেয়া মানসিকতাৰ পৰিচয় দি তেজাচৰপৰা চুৰ কৰিছে ৩৩৭ ডালকৈ হেডফোন।

দৰাচলতে যাত্ৰীক ফ্লাইটৰ লেখীয়া অভিজ্ঞতা দিওৱাৰ বাবে বিভাগটোৱে বিশেষ এক্সপ্ৰেছখনত অডিঅ’-ভিজুৱেলৰ ব্যৱস্থা কৰিছিল। 

প্ৰত্যেকখন আসনৰ সৈতে সংযোগ কৰা চিষ্টেমত গেমচ, চিনেমা, গান, এফএম আদিৰ সুবিধা আছে। তাৰেই হেডফোনবোৰ খুলি চুৰ কৰি নিছে যাত্ৰীয়ে।

বিভাগে প্ৰকাশ কৰা মতে ৯৯০ খন আসনযুক্ত এক্সপ্ৰেছখনৰ বাবে ১০০০ ডাল হেডফোন অনা হৈছিল। তাৰে আধামানেই নাইকিয়া হৈছে।

উক্ত হেডফোন কেইডাল ২০০ টকীয়া আছিল। এইবাৰ বিকল্প হিচাপে বিভাগে ৩০ টকীয়া হেডফোন ক্ৰয় কৰাৰ কথা ভাবিছে।

উল্লেখ্য যে ২১ মে’ত যাত্ৰাৰম্ভ কৰা এই বিশেষ এক্সপ্ৰেছখনৰ ভালেকেইটা এলচিডিত দাগো বহুৱাইছিল যাত্ৰীয়ে। আকৌ এঠাইত আইনাও ভগা পৰিলক্ষিত হৈছিল।