বাৰ্মাৰ (ৰাজস্থান): এটা সুন্দৰ ভাস্কৰ্যৰ মন্দিৰ৷ চৌকাশৰ নৈসৰ্গিক দৃশ্যও অতি মনোৰম৷ কিন্তু এই মন্দিৰটো অভিশপ্ত!

মানুহে মন্দিৰ দৰ্শন কৰে এক আধ্যাত্মিক প্ৰশান্তিৰ বাবে৷ প্ৰাৰ্থনাৰ জৰিয়তে মনলৈ যোগাত্মক শক্তিৰ আগমন ঘটে আৰু এই শক্তিয়ে সাংসাৰিক জীৱনৰ সমস্যা সমাধানৰ পথ প্ৰদান কৰে৷ বিয়লিৰ আৰতি আৰু পূজাই ভক্তৰ মনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে বুলি এক বিশ্বাস আছে৷ 

কিন্তু ভাৰতত এনে এটা মন্দিৰ আছে যিটোলৈ সূৰ্য অস্ত যোৱাৰ পাছত মানুহ যাবলৈ ভয় কৰে৷ এই ভয় বা শংকা এদিন-দুদিনৰ নহয়৷ ৰাজস্থানৰ বাৰ্মাৰ নামৰ চহৰখনৰপৰা ৩০ কিলোমিটাৰ নিলগৰ কিৰুদু নামৰ গাঁওখনত থকা এটা মন্দিৰলৈ নিশাৰ ভাগত মানুহ নোযোৱা কাৰ্য যুগ যুগ ধৰি চলি আহিছে৷

এই মন্দিৰটো অশোক্কুন নামৰ এজন স্থানীয় লোকে প্ৰতিষ্ঠা কৰিছিল বুলি গাওঁবাসীয়ে বিশ্বাস কৰে৷ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এই মন্দিৰটো অভিশপ্ত৷ আনকি মন্দিৰৰ বাহিৰত থকা ডাঙৰ ডাঙৰ শিলসমূহো এসময়ত মানুহ আছিল বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে৷ এই লোকসকল অভিশাপৰ বাবে শিললৈ ৰূপান্তৰিত হৈ গ’ল৷

এই বিশ্বাসৰ বসৱৰ্তী হৈ কোনো লোক বিয়লি বা নিশা মন্দিৰটোৰ কাষলৈ নাযায়৷ ফলত অতি উন্নত ভাস্কৰ্যৰ মন্দিৰটো চোৱাচিতাৰ অভাৱত জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷