মুৰফুলনিঃ কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনাৰ জৰিয়তে বি.এড, ডি. এল. এড অবিহনেই এল.পি. আৰু এম.ই. টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰৰ বৰ্তমান শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা আদৰণীয় যদিও এই ঘোষণাই শৈক্ষিক সমাজত বি.এড., ডি.এল. এড. ডিগ্ৰী থকাসকলৰ মাজত সৃষ্টি কৰিছে অনিশ্চয়তাৰ।

২০১০ চনত সম্পূৰ্ণ নিকা আৰু মেধা ভিত্তিত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকসকলে কম মজুৰিত ত্যাগ আৰু সেৱাৰ মনোভাবেৰে সেৱা আগবঢ়াই অহা এই শিক্ষকসকলৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আকোঁৰগোজ স্থিতিত চিন্তিত হৈ পৰিছে তেওঁলোকৰ ভৱিষ্যতকলৈ।

বি.এড. শিক্ষা ল’বলৈ সুবিধা নোপোৱা বহু ঠিকাভিত্তিক শিক্ষক মানসিকভাৱে ভাগি পৰিছে। নিৰপেক্ষভাৱে সকলোৰে ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা কৰা হ’লে শৈক্ষিক সমাজত ইতিবাচক প্ৰভাৱ বুলি নিশ্চিতভাৱে কব পাৰি।

কম মজুৰিত ত্যাগ আৰু সেৱাৰ মনোবৃত্তিৰে পাঠদান কৰি অহা ৬৫ শ হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই ডিগ্ৰীৰ ৰেহাই দি তেওঁলোকৰ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিলে শৈক্ষিক জগতত নতুন দিগন্তৰ সূচনা হ'ব বুলি বুদ্ধিজীৱি আৰু সচেতন মহলে জানিবলৈ দিয়ে।