নগাঁওঃ অসমৰ অন্যতম ভূমিপুত্ৰ তিৱা জনগোষ্ঠী বৰ্ণিল সংস্কৃতিৰে টনকীয়াল৷ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ উৎসৱ সমূহ সদায় ৰাজকীয়৷ তিৱাসকলৰ উৎসৱত নানা সংস্কৃতি, লোক কৃষ্টি, পৰম্পৰাৰ সমাহাৰ ঘটে৷ নৃত্য-গীতে, আয়তীৰ নামে ৰজনজনাই তিৱা জনগোষ্ঠীৰ লোক উৎসৱ সমূহত৷

কদালীপৰিয়া গীতৰ সৈতে পাটিঢোল, তাল, মহৰ শিঙৰ পেঁপা হাতে হাতে লৈ উচাহৰ পৰিবেশ সৃষ্টি কৰে তিৱাসকলৰ ‘পিচু’ উৎসৱত৷ এই উৎসৱত গদালীপৰিয়া গীত জুৰি মতলীয়া হয় তিৱাসকল৷ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়াৰ খাতগুৰি পথাৰত বেবেজীয়া জনজাতি জ্ঞানজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত তিৱা জনগোষ্ঠিৰ বিহু উৎসৱ ‘পিচু’ উৎসৱ দেওবাৰে পালন কৰা হয়। ‘পিচু’ উৎসৱত মনাচি-বাগি মতলীয়া হৈ পৰে ডেকা-গাভৰু৷

পুৱা সমাজকৰ্মী সোণধৰ বৰদলৈয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বন্তি প্ৰজ্জ্বলন কৰে জ্যেষ্ঠ নাগৰিক ভৱেন বৰদলৈয়ে। ডেকাচাং উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী বিদ্যুত বৰদলৈয়ে। বাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দল সমূহে পৰিৱেশন কৰা নৃত্য-গীতে সকলোকে আপ্লুত কৰে। মেজী প্ৰজ্জ্বলনৰ লগতে সন্ধ্যা গদালপৰীয়া গীতত নৃত্য পৰিৱেশন আৰু প্ৰীতি ভোজেৰে উৎসৱৰ সামৰণি পৰে।