newsnextone.com | তামুলপুৰঃ পৰিৱৰ্তনৰ নামত চৰকাৰ সলনি হয় যদিও ৰাইজৰহে ভাগ্য হে সলনি নহয়৷ মন্ত্ৰী-বিধায়ক হৈ নিশাৰ ভিতৰতে জীৱন সলনি হয় যদিও জীৱন ধাৰণৰ মাণদণ্ড উন্নত নহয় সৰ্বসাধৰণৰ৷ গাড়ী-ঘৰ, টকা-পইচাৰে নদন-বদন হয় তেওঁলোক৷ কিন্তু দৰিদ্ৰ-শ্ৰমিক, মধ্যবিত্তৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খায়৷ 

মন্ত্ৰী-বিধায়ক হৈ চহৰত বৰ বৰ আট্টালিকাত ৰজাৰ দৰে থাকিবলৈ আৰম্ভ কৰি তেওঁলোকে গাঁওখনৰ কদৰ্যময় অৱস্থাক পাহৰি যায়। বোকা-পানীৰ গাঁও খনৰ পথ কেইটা যে উন্নত কৰিব লাগে সেই কথাক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি নাথাকে ৰাইজৰ ভোটেৰে ৰজা হোৱা সকলৰ। বৰ বৰ কথা-ভাষণ ফুটুকাৰ ফেন হৈ পৰে। ৰজা হ'বলৈ এশটা প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰজা হোৱাৰ পিছতে এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে। 

যিয়ে নিৰ্বাচনৰ পুৰ্বে বৰ বৰ কথা কয় তেওঁলোকৰে ভাগ্য উদয় হয়৷ গাড়ী-ঘোৰা উঠি নোপোৱা লোকৰ নিশাৰ ভিতৰতে কেইবাখনো বিলাসী গাড়ীৰ গৰাকী হয়।  মুঠৰ ওপৰত তেওঁলোকৰ ভাগ্য মুকলি হয়৷ তেনে লোকে কোটি টকীয়া গাড়ীত ঘুৰিবলৈ আৰম্ভ কৰে৷ নিজৰ জীৱনটোৰ পূৰ্বৰ কথা পাহৰি গৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহো পাহৰি যায়৷ ৰাইজে সমস্যাৰে ককবকাই থাকিব লগা হয় যদিও গুৰুত্ব আৰোপ নকৰে নেতা সকলে৷

এতিয়া তেনেই এক পৰিবেশৰ সৃষ্টি হৈছে বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ৰাইজৰ। এনে প্ৰশ্ন বোৰেই তামুলপুৰবাসীৰ মনত দোলা দিয়ে৷ স্বাধীনতাৰ ৭০টা বছৰ পাৰ হোৱাৰ পিছতো তামুলপুৰবাসীয়ে দেখা নাই উন্নয়ন৷ বছৰৰ পিছত বছৰ ধৰি বঞ্চিত অঞ্চলটোৰ বিভন্ন পথত আজিও নাই দলং। আজিও গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি নিৰ্মাণ কৰা বাহৰ দলঙেৰে ৰাইজে আহ-যাহ কৰিব লগা।

বাঁহৰ দলঙে যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ জনসাধাৰণক ৷ কিয়নো বাঁহৰ দলঙেৰে পাৰ হ'লে ভৰিব লাগে গাঁঠিৰ ধন ৷ বাইকত ২০ টকা আৰু চাইকেলত ১০ টকা ভৰিব লাগে আহ-যাহৰ নামত ৷ তেনেই এখন বাঁহৰ দলং আছে তামুলপুৰ-ধমধমা পথত। প্ৰকৃততে বাঁহৰ দলঙে হাগ্ৰামা হতে কৈ অহা মডেল বিটিচিৰ স্বৰূপটো উদঙাই দিয়ে ৷ 

বাঁহৰ দলঙেৰে যাতায়ত কৰিলে ভৰিব লাগে ১০-২০ টকা। আচলতে ভাৰতবৰ্ষৰ আন ঠাইৰ মানুহে শুনিলে হাঁহিব অসমৰ নেতাসকলক৷ বাক্সা জিলাৰ বৰমা আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰ-ধমধমা সংযোগী গড়কাপ্তানি পথ অন্যতম ব্যস্ত পথ। কিন্তু পথটোৰ জাৰতালুকত পকী দলং নথকাত বাঁহৰ দলঙেৰে যাতায়াত কৰিব লগা হয়। যিখন বাঁহৰ দলঙেৰে যাতায়ত কৰিলে খৰচ হয় গাঁঠিৰ ধন ৷ 

জানিব পৰা মতে, ভূটান পাহৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বিগত ২০১২ চনত পথটো উটুৱাই নিয়াত আজিলৈকে নিৰ্মাণৰ ক্ষেত্ৰত কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে৷ ফলত স্থানীয় কেইজনমান যুৱকে ধন খৰচ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰিছে যদিও তাৰ বিনিময়ত কৰ সংগ্ৰহ কৰে।

 উল্লেখ্য যে, বিগত বৰ্ষত বিটিচি পৰিষদে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া পথছোৱা নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিছিল যদিও অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবে পুনৰ পথছোৱা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ ফলত অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ নামত যমৰ-যাতনা ভোগ কৰি আহিছে ৷

নৈৰ ওপৰত বছৰৰ পিছত বছৰ ধৰি দলঙ নিৰ্মাণ নকৰাত ৰাইজে মৰণক শৰণক বহিঃজগতৰ সৈতে যোগাযোগ কৰিব লগা হয়। পুনৰ বাৰিষা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে পখ দীৰ্ঘ অংশ। ফলত গাঁওবাসীয়ে যমৰ যাতনা ভূগিব লগা হয়। অসম চৰকাৰ অথবা বিটিচি কৰ্তৃপক্ষই নৈখনৰ ওপৰত দলঙ নিৰ্মাণৰ বাবে আজিলৈকে উচিত ব্যৱস্থা  নললে। বিভিন্ন সময়ত বিভিন্ন সভা-সমিতিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আদৰ্শ বিটিএডিৰ কথা কৈ আহিছে যদিও প্ৰকৃততে আদৰ্শ বিটিএডিৰ গ্ৰাম্য অঞ্চলৰ কিমান উন্নয়ন হৈছে তামুলপুৰবাসীয়ে সেই কথা ভালকৈ জানে।