বিধৱা বিয়াৰে আদৰ্শ দাঙি ধৰিলে তেজপুৰৰ তপনে

Printer-friendly versionSend by email

তেজপুৰঃ সমাজৰ বাধা-বিঘিনি, ভ্ৰুকুটি নেওচি সাহসিকতাৰে তপন কোচ নামৰ এজন লোকে জীৱন সংগী হিচাপে আকোৱালি ল'লে এগৰাকী বিধৱা মহিলাক। বিধৱা বিবাহৰ সপক্ষে থিয় দিয়া পেছাত ঠিকাদাৰ তপন কোচে সমাজৰ প্ৰতি আদৰ্শ দাঙি ধৰি বিধৱা মহিলা নভা বৰা কটকীৰ সৈতে যোৱা ২৮ এপ্ৰিলত স্থানীয় হলেশ্বৰ মন্দিৰত বিবাহ পাশত আবদ্ধ হোৱাত একাংশই বাহ বাহ দিছে।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় চাৰি বছৰ পূৰ্বে এক শোকাবহ পথ দূৰ্ঘটনাত প্ৰাণ গৈছিল তেজপুৰ মিলনপুৰৰ সৰবৰহী যুৱক অলক কটকীৰ।মৃত্যুৰ সময়ত অলক কটকীয়ে এৰি গৈছিল পত্নী নভা আৰু ৫বছৰীয়া কন্যা এনাক। এনেদৰেই সৰুতেই পিতৃ-মাতৃক হেৰোৱা নভাৰ আৰম্ভ হয় অকাল বৈধৱ্যৰ যন্ত্ৰণাময় জীৱন সংগ্ৰাম।

নিজৰ প্ৰিয়জনক হেৰুৱাই অসহায় হৈ পৰা নভাক পুনৰাই সামাজিক ভাৱে স্বীকৃতি প্ৰদান কৰে এসময়ৰ অলকৰে বন্ধু তপন কোচে। তপন কোচৰ এই সাহসী সিন্ধান্তক আদৰি লৈছে পৰিয়ালেও।

সাধাৰণতে চিনেমা, ছিৰিয়েল, উপন্যাস, গল্পৰ কাহিনীবোৰত যেতিয়া অকাল বৈধৱ্যত পৰা নায়িকাক কোনো নায়কে বিয়া কৰাই উদ্ধাৰ কৰে তেতিয়া দৰ্শকৰ মনত সন্তুষ্টিভাৱে ক্ৰিয়া কৰে। কিন্তু বাস্তৱক্ষেত্রত এনে পৰিস্থিতিৰ সন্মুখীন হ'লে পৰিয়াল বা সমাজৰ ভয়ত এগৰাকী বিধৱাক বিয়া কৰাবলৈ প্ৰায় প্ৰতিজন পুৰুষেই পিছ হুহুকি আহে যদিও তপন কোচ এইক্ষেত্ৰত ব্যাতিক্ৰমী হৈ ৰ'ব।

উল্লেখ্য যে, ১৮৫৬ চনতে ভাৰতত ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টাত বিধৱা বিবাহে আইনী বৈধতা লাভ কৰিবলৈ সমৰ্থ হৈছিল। নিজৰ পুত্রৰ বিধৱা বিবাহ কৰাই সেই দিনতে এক আৰ্দশ ৰাখি থৈ গৈছে বিদ্যাসাগৰে। অসমতো বিদ্যাসাগৰৰ পদাংক অনুসৰণ কৰি সমাজৰ লেই-লেই, ছেই-ছেইক গুৰুত্ব নিদি গুণাভিৰাম বৰুৱাই প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত এগৰাকী ব্ৰাহ্মণ বিধবাৰ সৈতে নতুন জীৱনৰ পাতনি মেলিছিল। এতিয়া দেশ অধিক আধুনিক হ'ল যদিও বিদ্যাসাগৰ, গুণাভিৰামৰ সেই সাহসী প্ৰচেষ্টাৰ ১৬১বছৰৰ পিছতো এই ক্ষেত্রত আমাৰ সমাজৰ দৃষ্টিভংগীৰ বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই।

হিন্দু বিধৱা নাৰীৰ বিবাহৰ ক্ষেত্রত আজিও তেনেই পিছ পৰি আছে আমাৰ সমাজখন। ইয়াৰ মাজতে তপন কোচে নভাক পত্নী হিচাপে গ্ৰহণ কৰাৰ লগতে এনাকো জীয়ৰী হিচাপে আদৰি লৈ যি সাহস দেখুৱালে সেয়া প্ৰকৃতাৰ্থতে আদৰণীয় আৰু প্ৰশংসনীয় বুলি বিবেচিত হৈছে। তপনৰ এনে সাহসিক সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যখনৰ আধুনিক মনৰ প্ৰতিজন লোকে।