newsnextone.comতেজপুৰঃ তেজপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই অসম চৰকাৰৰ জল- পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে। চৰ অঞ্চলৰ লোকসকলৰ বাবে আগতীয়াকৈ যাতায়তৰ ব্যৱস্থা নকৰি হঠাৎ নদী সমূহত যাত্ৰীবাহী নাওঁ চলাচল বন্ধ কৰাকলৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ শীঘ্ৰে অসম চৰকাৰৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰত যাতায়তৰ বাবে ফেৰীৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰে।