newsnextone.com। তেজপুৰঃ তেজপুৰ জিলাৰ নিকামূল মাজগাঁৱৰ এটি চাৰি বছৰীয়া শিশু বৰ্তমান সন্ধানহীন হৈ আছে।

প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে আবেলি প্ৰায় ৩ মান বজাৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শিশুটিৰ সৈতে ঘৰৰ বনকৰা ছোৱালীজনীও নিৰুদ্দেশ হৈ আছে।

কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ সৈতে বনকৰা ছোৱালীজনীৰ সন্ধান লাভ কৰে তেন্তে ৮৬৩৮২-৮০৭৯০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।