প্ৰতীক ফটো
প্ৰতীক ফটো

চৰাইদেউঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিৱসাগৰ সংমণ্ডলৰ সংমণ্ডল বিষয়াগৰাকীৰ দায়িত্বহীনতাৰ বাবেই বহুকেইখন বাছৰ চলাচল বৰ্তমান বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে সোণাৰি-তেজপুৰ যাতায়তকাৰীয়ে।

বিগত কেইবামাহ ধৰি সংমণ্ডলটোৰ সোণাৰি আস্থানৰ পৰা তেজপুৰলৈ দৈনিক সাল-সলনি কৰি চলাচল কৰা নিগমৰ দুখনকৈ গুৰুত্বপূৰ্ণ বাছসেৱা অজ্ঞাত কাৰণত বন্ধ কৰি দিয়াত সৰৱ হৈ পৰিছে যাত্ৰীসকল।

সোণাৰি-তেজপুৰৰ মাজত চলাচল কৰা নিগমৰ বাছসেৱা অজ্ঞাত কাৰণত বন্ধ কৰি দিয়াত তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে লগতে দৰং, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাত কৰ্মৰত বহু শিক্ষক-কৰ্মচাৰী অসুবিধাত পৰিছে।

একেদৰে তিনি জিলাৰ পৰা আহি চৰাইদেউ, শিৱসাগৰ জিলাত চাকৰি কৰা বহু শিক্ষক-কৰ্মচাৰীয়েও দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অনতিপলমে বন্ধ হৈ পৰা নিগমৰ সোণাৰি-তেজপুৰ বাছসেৱা প্ৰচলন কৰাৰ দাবী জনাইছে বিভিন্ন যাত্ৰীসকলে।