ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ শকত মহিলা ইমান আহমেদ আৰু নাই৷ বিগত কেবাটাও বছৰে চিকিৎসা তথা মেদবহুলতাৰ বাবে চৰ্চাত থকা ইমান আহমেদ সোমবাৰে আৰৱৰ আবু ধাবিৰ বুৰ্জিল হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷ ইমনৰ মৃত্যুৰ পিছতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰে স্থান লাভ কৰে৷

বহুতে বিশ্বাস কৰাৰ দৰে সকলো মানুহেই ঈশ্বৰৰ দ্বাৰা প্রেৰিত। ঈশ্বৰৰ ইচ্ছামতেই পৃথিৱীৰ সকলো হয়। প্ৰাকৃতিক দুৰ্যোগ, জন্ম-মৃত্যু, বিবাহ, কাৰোবাৰ বৰণ ক'লা-বগা-শকত, তীক্ষ্ন মুঠতে সকলো ঈশ্বৰৰ পৰা নতুবা ভগৱানৰ পৰাই হয়৷ যাৰ বাবে এই পৃথিৱী বৈচিত্র্যময়৷ এই বৈচিত্ৰ্যময় পৃথিৱীত ইমন আহমেদে শকত হৈ চৰ্চালৈ আহে৷ মহাৰাষ্ট্ৰৰ মুম্বাইৰ চাইফি হাস্পতালত অস্ত্ৰোপচাৰ কৰি যথেষ্ট ওজন কমাবলৈ সক্ষম হৈছিল ইমন৷

পৃথিৱীৰ আটাইতকৈ শকত মহিলাগৰাকী হৃদৰোগ আৰু কিডনী বিকল হোৱাৰ ফলত মৃত্যুবৰণ কৰা বুলি বুৰ্জিল হস্পিতাল কৰ্তৃপক্ষই প্ৰকাশ কৰে৷ বুৰ্জিল হস্পিতালৰ ২০ গৰাকী বিশিষ্ট চিকিৎসকৰ দলে দিন-ৰাতি একাকাৰ কৰি ইমনক চিকিৎসা কৰিছিল ইজিপ্তৰ আলেকজেন্দ্ৰাৰ মহিলাগৰাকীৰ৷

মুম্বাইৰ চাফি হস্পিতালত তিনিমাহ চিকিৎসা কৰাৰ অন্তত চলিত বৰ্ষৰ ৪ মে’ত ইমনক আবু ধাবিৰ বুৰ্জিল হস্পিতাললৈ লৈ গৈছিল পৰিয়ালে৷ ১১ ফেব্ৰুৱাৰীত মুম্বাইত আহি উপস্থিত হোৱা ইমনক মুম্বাইৰ চিকিৎসালয়খনে ওজন কমোৱাৰ বাবে চিকিৎসা কৰাৰ অন্তত ৩০০ কেজি ওজন কমিছিল৷

আগশাৰীৰ চিকিৎসক ডা০ মুফি লাকদাৱালাই অস্ত্ৰোপচাৰ কৰিছিল৷ চিকিৎসালয় কৰ্তৃপক্ষই অস্ত্ৰোপচাৰ সফল হোৱা বুলি দাবী কৰি ভিডিঅ’ পৰ্যন্ত প্ৰচাৰ কৰিছিল৷ আবু ধাবিৰ বুৰ্জিল হস্পিতালৰ মুখ্য চিকিৎসা বিষয়া ডা০ য়াচিন আল চাহাতে বিশ্বৰ শকত মহিলা ইমনে অন্তিম অৱস্থাত তেওলোকৰ চিকিৎসালয়লৈ অহা বুলি দাবী কৰে৷ ইমনৰ পৰিয়ালে মুম্বাইৰ চাফি হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে৷

বিশ্ব শকত মহিলাগৰাকীয়ে যোৱা ২৫ বছৰে ঘৰৰ পৰা ওলোৱা নাছিল৷ 'the world's heaviest woman'ৰূপে পৰিচিত ইমান আহমেদে মাথো এসপ্তাহ পূৰ্বে ৩৭ সংখ্যাক জন্মদিন পালন কৰিছিল৷ আহমেদে সোমবাৰে পুৱা ৪-৩৫ বজাত মৃত্যুবৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৭ বছৰ৷ মৃত্যুৰ সময়ত ইমানৰ ওজন আছিল ৫০৪ কেজি৷