ডিজিটেল ডেস্কঃ  বুধবাৰৰ নিশা চাইনা বনাম সিন্ধুক লৈ ভাৰতীয় বেডমিন্টন মহলৰ আগ্রহ আছিল তুংগত। নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় চেম্পিয়নৰ ফাইনেল খেল খনত মুখামুখী হৈছিল দেশৰ দুই আগশাৰীৰ বেডমিন্টন খেলুৱৈ চাইনা নেহৱাল আৰু পিভি সিন্ধু৷ কিন্তু শেষ হাঁহি মাৰিবলৈ সক্ষম হয় চাইনা৷  ২১-১৭, ২৭-২৫ গেমত পি ভি সিন্ধুক হৰুৱাই তৃতীয় বাৰলৈ জাতীয় বেডমিন্টন লিগ চেম্পিয়ন হ’ল চাইনা নেহৱাল।

ইয়াৰ পূৰ্বে ২০০৬ আৰু ২০০৭ চনত জাতীয় চেম্পিয়ন হৈছিল চাইনা। দুবাৰ মুখামুখি হৈছিল চাইনা আৰু সিন্ধু৷ প্রথম ২০১৪ চনত চৈয়দ মোডী আন্তর্জাতিক খেলত, সেইবাৰো বিজয়ী হৈছিল চাইনা৷ তাৰ পিছত চলিত বছৰৰ ইণ্ডিয়ান চুপাৰ চিৰিজত মুখামুখিত শেষ হাঁহি মাৰিছিল সিন্ধুয়ে৷

ইয়াৰ মাজত দুয়োৰ জীৱনলৈ অনেক উত্থান-পতন আহিল আৰু গ’ল৷ ২০১৫ চনত চাইনাই বিশ্বৰ এক নং আসন দখল কৰিবল সক্ষম হৈছিল৷ ভাৰতীয় বেডমিন্টনৰ এই দুই তাৰকা বৰ্তমানে বিশ্বৰ বেডমিন্টন খেলুৱৈৰ তালিকাত ২ নম্বৰত সিন্ধু আৰু ১১ নম্বৰ স্থানত আছে চাইনা।