প্ৰতিকী ফটো
প্ৰতিকী ফটো

চাবুৱাঃ ১৪ঘণ্টাৰ বাবে সম্ভ্ৰান্ত পৰিয়ালৰ আলহী হ'ল বনৰ বাঘ৷ পাহৰ-ভৈয়াম, হাবি-জংঘল তহিলং কৰি জীৱ-জন্তুৰ আশ্ৰয়স্থলীত মানুহে ঘৰ বান্ধি আশ্ৰয় লোৱাৰ যেন পোতকহে তুলিলে বনৰ বাঘে৷

যোৱানিশা ১২ বজাত চাবুৱাৰ বালিজানত কাঠগাঁৱৰ ৰিদীপ দত্ত নামৰ লোকজনৰ মৰমৰ পোহনীয়া কুকুৰটোক চিকাৰ কৰাৰ বাবে চোপ লৈছিল এটি বনৰীয়া বাঘে৷ বাঘটোৱে খেদা মৰাৰ লগে লগে আলাসৰ লাডু সদৃশ কুকুৰটোৱে দৌৰ মাৰি আহি সোমাল গৃহস্থৰ বাৰান্দাত। 

♦ বন বিভাগক ধিক্কাৰ গাঁওবাসীৰ
♦ গ্ৰীলত আৱদ্ধ বাঘৰ কৰুণ চাৱনি
♦ ৰক্ষা পৰিল গৃহস্থৰ মৰমৰ কুকুৰ

বনৰ বাঘেও যেন পিছ নেৰিলে কুকুৰৰ। পিছে পিছে দৌৰি সিও সোমাল আটকধুনীয়া ঘৰটোৰ গ্ৰিল লগোৱা বাৰাণ্ডাত৷ তাৰপিছতে গৃহস্থই বাঘৰ উমান পায়৷ ওচৰৰে এজনে মৰসাহ কৰি বাৰাণ্ডাৰ গ্ৰীলৰ দৰ্জাখনৰ এক মিটাৰ নিলগৰ পৰা হুক লগাই বাঘটোক একপ্ৰকাৰ পিঞ্জৰাবদ্ধ কৰে৷ 

সাহসী লোকজনে গ্ৰীলৰ দৰ্জাখন বন্ধ কৰাত বাঘটোৰ আক্ৰমণৰ সম্ভাৱনা প্ৰায় নাইকিয়া হৈ পৰাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলায় যদিও গাঁওখনত হুৱাদুৱা লাগে৷ গ্ৰিলখন বন্ধ কৰি দিয়াত বনত দপদপাই থকা বাঘটোৱে আচহুৱা পৰিৱেশ প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। সেয়ে যিটো কুকুৰক ভক্ষণ কৰিবলৈ খেদি আহিছিল সেই কুকুৰটোক কাষতে পায়ো কোনোধৰণৰ আক্ৰমণ কৰাৰ পৰা বিৰত থাকে বাঘটো।

কুকুৰৰ সৈতে একে ঠাইতে সহৱস্থান কৰা বাঘটোক চাবলৈ সম্ভ্ৰান্ত পৰিয়ালটোৰ বাৰাণ্ডাত মানুহৰ লানি নিছিগা সোঁত বয়৷ ঘটনা সম্পৰ্কে অৱগত কৰা হয় বন বিভাগক।ইফালে সময়মতে বন বিভাগ আহি নোপোৱাত আৰু বাঘটোৰ মুখৰ আগত মৰমৰ কুকুৰটো থকাত উদ্বিগ্ৱ হৈ পৰে গৃহস্থ। কিন্তু গৃহস্থৰ উদ্বিগ্নতা দূৰ কৰি ভয়াৰ্ত বাঘটোৱে কুকুৰটোৰ সৈতে অসহায় হৈ চাই ৰয় সমগ্ৰ পৰিৱেশ।

এনেদৰে বন বিভাগৰ লোকৰ অপেক্ষাত পাৰ হৈ যায় শ্বাসৰুদ্ধকৰ ১৪ ঘণ্টা। অৱশেষত কাজিৰঙাৰ পৰা অহা বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি বাঘটোৰ লগতে পোহনীয়া কুকুৰটোক উদ্ধাৰ কৰে৷ বাঘৰ মুখৰ পৰা ৰক্ষা পৰা কুকুৰটোক পাই আনন্দত আত্মহাৰা হৈ পৰে গৃহস্থ। আনহাতে, বাঘটোক কাজিৰঙাত এৰি দিয়া হ’ব বুলি জনাইছে বন বিভাগৰ উদ্ধাৰকাৰী দলটোৱে।

ইফালে খবৰ দিয়াৰ ১৪ ঘণ্টা পলমকৈ ঘটনাস্থলীত বনবিভাগ উপস্থিত হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। একপ্ৰকাৰ পিঞ্জৰাবদ্ধ অসহায় বাঘ এটাক উদ্ধাৰ কৰিবলৈ বন বিভাগক কিয় ১৪ ঘণ্টা সময়ৰ প্ৰয়োজন হ'ল বুলি প্ৰশ্ন কৰিছে ক্ষুব্ধ গাঁওবাসীয়ে। বন বিভাগ এনে ধৰণৰ উদ্ধাৰ অভিযানৰ বাবে সাজু হৈ নথকাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰি বিভাগটোক ধিক্কাৰো দিয়ে।