নতুন দিল্লীঃ পাঁচ ঘণ্টা ধৰি হোৱা বিতৰ্ক আৰু কংগ্ৰেছ- এ আই এ ডি এম কেৰ ৱাকআউটৰ মাজতে বৃহস্পতিবাৰে তিনি তালাকৰ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হয়। 

তিনিবাৰ ’তালাক’ শব্দটো উচ্চাৰণ কৰিয়েই তৎকালীনভাৱে বিবাহ বিচ্ছেদ দিব পৰা যি ব্যৱস্থা মুছলমান সমাজত আছে, ইয়াক এই আইনৰ জৰিয়তে শাস্তিযুক্ত অপৰাধ হিচাপে বিবেচনা কৰা হ’ল।

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই আইনক ৰাজনৈতিক প্ৰিজমৰ মাজেৰে নাচাই মানৱীয় দৃষ্টিৰে চাবলৈ আহ্বান জনায়। 

তেওঁ সোঁৱৰাই দিয়ে যে তৎকালীন তিনি তালাকক উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ৰায় দি ইয়াৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছিল।

বিধেয়কখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাত এই বিধেয়কখন চৰকাৰে গৃহীত কৰাবলৈ অসুবিধা হ’ব। কাৰণ উচ্চ সদনত এন ডি এৰ সংখ্যাগৰিষ্ঠতা নাই।

বিধেয়কখনৰ বিতৰ্ক কালত চৰকাৰে অধিকাংশ বিৰোধীক সন্তুষ্ট কৰাত বিফল হয়। নবীন পাটনায়কৰ বিজু জনতা দল, এ আই এ ডি এম কেই সংশোধনী বিধেয়কখন বাছনি সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছিল।

ইফালে বি জে পিৰ মিত্ৰ দল শিৱ সেনাই বিষয়টো এৰাই চলি ৰাম মন্দিৰ নিৰ্মাণতহে দলে চৰকাৰক সমৰ্থন দিব বুলি কৈ থাকে। 

বিৰোধীয়ে তিনিটা বিষয়ত বিধেয়কখন আহোঁৱাহপূৰ্ণ বুলি যুক্তি দৰ্শায়। এনে দোষ কৰা লোকক তিনি বছৰ জে’ল দিয়া ব্যৱস্থা আন কোনো ধৰ্মত নাই বুলি তেওঁলোকে আঙুলীয়াই দিয়ে।

লগতে পতি কাৰাগাৰত থকাৰ সময়ত কোনে পত্নীগৰাকীক ভৰণ-পোষণ দিব, সেই কথাও বিধেয়কখনত স্পষ্টকৈ উল্লেখ নাই। আইনৰ কঠোৰ ধাৰাই কেনেদৰে এখন ঘৰ ভাঙোনৰপৰা বিৰত বাখিব বুলিও বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে।