ক্ষোভিত স্থানীয় ৰাইজ, ৰাইজে বহু সময় আবদ্ধ কৰি ৰাখিলে চিকিৎসকক

newsnextone.com। লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিৰাপ ৰাজ্যিক চিকিৎসালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। সময় মতে ডাক্তৰ উপস্থিত নথকাক লৈ লেখাপানী অঞ্চলৰ শতাধিক পুৰুষ মহিলাই আজি হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে  চিকিৎসালয়ৰ চৌহদ।

বহু সময় ধৰি প্ৰতিবাদমুখী ৰাইজে ঘেৰাও কৰি ৰাখে চিকিৎসালয় খনৰ চিকিৎসা কৰ্মী সকলক। উল্লেখযোগ্য যে, আজি বহু দিন ধৰি চিকিৎসালয় খনৰ চিকিৎসা কৰ্মী সকলে কৰ্তব্যত হেমাহী কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে।

ৰাইজৰ অভিযোগ প্ৰায় সংখ্যক চিকিৎসকে সময় মতে চিকিৎসালয়ত উপস্থিত নোহোৱাৰ লগতে কৰ্মৰ প্ৰতি হেমাহী দৃষ্টি প্ৰদৰ্শন কৰি আহিছে যাৰ পৰিনতিত বিমোৰ হৈ বহু ৰোগীয়ে সম্প্ৰতি চিকিৎসালয়লৈ  আহি ঘূৰি যাব লগীয়া হোৱা পৰিস্থিতিয়ো উদ্ভৱ হৈছে৷ 

চিকিৎসালয়খনৰ এনে কৰ্মকাণ্ডত ৰোগী তথা স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে৷ ইফালে বহু গৰ্ভৱতী মহিলাই প্ৰসৱৰ সময়ত চিকিৎসালয় খনত পৰ্যাপ্ত পৰিমানৰ ঔষদ তথা নিম্নতম চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হ’ব লগীয়া হোৱাত অন্যান্য চিকিৎসালয়লৈ ঢাপলি মেলিব লগীয়া হয়। যাৰ ফলত প্ৰসূতিয়ে মাজ বাটতে গাড়ীৰ ভিতৰত সন্তান প্ৰসৱ দিয়াৰ দৰে ঘটনাও অঞ্চলটোত সংঘটিত হৈ আহিছে।

যাৰ পৰিপেক্ষিতত আজি স্থানীয় ৰাইজে তীব্ৰ ভাৱে ক্ষোভিত হৈ চিকিৎসালয় খনৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হয়৷

আজি চিকিৎসালয় খনত পৰিস্থিতি অধিক উতপ্ত ৰূপত দেখি উক্ত স্থানত উপস্থিত হয় মাৰ্ঘেৰিটা মহকুমাৰ এগৰাকী দণ্ডাধীশ আৰু তেখেতৰ যোগেদি প্ৰতিবাদী ৰাইজে মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি স্বাস্থ্য মন্ত্ৰী, ডিব্ৰুগড়  সাংসদ, বিধায়ক মাৰ্ঘেৰিটা, জিলা উপায়ুক্ত তিনিচুকীয়া আৰু মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

তেওঁলোকৰ দাবী শীঘ্ৰেই চিকিৎসালয় খন ৰোগীৰ বাবে উপযুক্ত কৰি তোলক আৰু কৰ্মত হেমাহী প্ৰদৰ্শন কৰা চিকিৎসক সকলৰ ওপৰত দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰক অন্যথা অনাগত দিনত ৰাইজ হাত-সাৱতি বহি নাথাকে বুলিওঁ হুংকাৰ দিয়ে৷