newsnextone.com | শিলচৰঃ অৱশেষত এগৰাকী মহিলা আৰক্ষীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ অপৰাধৰ লগতে ৰাজ্যৰ পৰিবেশ বিঘ্নিত কৰিব খোজাৰ অপৰাধত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধ দলক আৰক্ষীয়ে আটক কৰা বুলি প্ৰকাশ কৰে। বিমান বন্দৰৰ চৌহতত কৰ্তব্যৰত মহিলা আৰক্ষীক প্ৰহাৰ কৰাৰ  অভিযোগ উত্থাপন কৰাৰ লগতে মহিলা আৰক্ষীক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰা হয়। পংকজ শীল, ৰুবা ৰাণী দাস আৰু চম্পা দাস নাম তিনিগৰাকী আৰক্ষীৰ লোকক 

স্বাস্থ্য পৰীক্ষাৰ অন্তত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়িকা মহুৱা মৈত্ৰক আনুষ্ঠানিক ভাৱে আটক কৰা বুলি জানিবলৈ দিয়ে। প্ৰথমে তেওঁলোকক গুৱাহাটীলৈ আহিবলৈ আৰু দ্বিতীয়তে শুকুৰবাৰে পুৱা দলটোক কলকাতা অভিমুখে যাবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছিল। কিন্তু ইমানতো সৈমান নোহোৱাত সক্ষম মহিলা আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত ৬ সাংসদক আৰু এগৰাকী পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰীক আৰু এগৰাকী বিধায়িকাক আটক কৰে। 

শিলচৰ বিমান বন্দৰৰ ভিতৰত বিধায়িকা মহুৱা মৈত্ৰই মহিলা আৰক্ষীক প্ৰহাৰ কৰা দৃশ্য অসমৰ সংবাদ মাধ্যমৰ কেমেৰাত আবদ্ধ হৈছিল। সংবাদ মাধ্যৰ দৃশ্যৰ ভিত্তিতে তদন্ত কৰি অসম আৰক্ষীয়ে আটাইকেইজনকে আটক কৰে। 

প্ৰথমে অসম আৰক্ষীয়ে তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল যদিও অসমৰ আৰক্ষীয়ে অৱশেষত আনুষ্ঠানিক ভাৱে আটক কৰে। তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়িকা মহুৱা মৈত্ৰই শিলচৰ বিমান বন্দৰত ধৰ্মঘটত বহিছিল।

জানিব পৰা মতে, শিলচৰ বিমান বন্দৰৰ পৰাই তেওঁলোকে বিমানত উঠাই দি পঠিয়াই দিব খুজিছিল অসম আৰক্ষীয়ে। ইপিনে দুগৰাকী মহিলা সাংসদক আৰক্ষীয়ে মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে সাংসদৰ দলটোৱে। দলটোক কোনো লোকক সাক্ষাতৰ অনুমতি নিদিলে অসম আৰক্ষীয়ে।

পশ্চিম বংগৰ তৃণমূলৰ সাংসদক অসমত মাৰধৰ কৰা বুলি পশ্চিম বংগৰ সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছে। অসমৰ পৰিবেশ উত্তপ্ত হৈ পৰা বুলি প্ৰচাৰ চলাব বিচাৰ হৈছে। একাংশ বঙালী সংবাদ গোষ্ঠীয়ে অসমত বিমান বন্দৰত পশ্চিম বংগৰ সাংসদক মাৰধৰ কৰা বুলি প্ৰচাৰ কৰে। কিন্তু প্ৰকৃততে তৃণমূল কংগ্ৰেছৰ দলটোক বিমান বন্দৰত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা বুলিহে জানিব পৰা গৈছে।

এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে বৰাক উপত্যকাত উপস্থিত হয়। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।

দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে।অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সাংসদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হোৱাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ উত্থাপন হয়।