newsnextone.com | গুৱাহাটীঃ ২১ ঘণ্টা বৰাকৰ শিলচৰ বিমান বন্দৰত অতিবাহিত কৰি কলকাতাত উপস্থিত হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ দলে অসম আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে দেশৰ গণতন্ত্ৰ বিপন্ন হোৱাৰ অভিযোগ উত্থাপন কৰে।

পুৱা ৭.৪০ মিনিটত শিলচৰ বিমান বন্দৰৰ পৰা পৰা উৰা মৰা বিমানত ৯ বজাত উপস্থিত হয় কলকাতাত। দমদম বিমান বন্দৰত উপস্থিত হৈ ফিৰহাদ হাকিম, কাকলি ঘোষ দস্তিতাৰ, সুখেন্দু  শেখৰ ৰায়ে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰে। 

অসমৰ অসহায় মানুহৰ আমি লগ ধৰিব খবৰ লবলৈ গৈছিলো বুলি কয়। ভাৰতবৰ্ষ সকলোৰে। সাংসদৰ সকলো ঠাইত যোৱাৰ অধিকাৰ আছে বুলি অসম আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰ লগে লগে শিলচৰ বিমান বন্দৰৰ ঘটনাক তৃণমূল কংগ্ৰেছে সংসদত উত্থাপন কৰে। তৃণমূলৰ সাংসদ স্বাগত ৰয়ে তেওঁলোকৰ দলটোৱে কেৱল মানুহৰ সৈতে কথা পাতিব গৈছিল বুলি কৈ গণতন্ত্ৰক ভুলুন্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ দলৰ লোকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে স্বাগত ৰয়।

এই মন্তব্যক উভতি ধৰে গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। বিজয়া চক্ৰৱৰ্তীয়ে কয় যে অসমৰ সংবাদ মাধ্যমে দেখুৱাইছে সেই দৃশ্য কেনেদৰে আৰক্ষীক প্ৰহাৰ কৰিছিল তৃণমূলৰ সাংসদ-বিধায়কে। তেওঁলোকে অসমৰ শান্তি ভংগ কৰিব গৈছিল।  বিমানবন্দৰত আৰক্ষীক অপদস্থ কৰিছে। শান্তি বিৰাজ কৰি থকা অসমত অশান্তি কতো নাই। অশান্তি কৰিবলৈ তৃণমূলৰ প্ৰতিনিধি কিয় গৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে।

আনহাতে সদনত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক অসন্মান কৰা নায় বুলি কৈ আৰক্ষীয়ে প্ৰটকল অনুযায়ী শুভেচ্ছা জনোৱা বুলিহে কয়। বিমানবন্দৰত শিলচৰৰ উপায়ুক্তই দলটোক আদৰণি জনাইছিল বুলি সদনত উল্লেখ কৰে ৰাজনাথ সিঙে। তেওঁলোকক বাৰে বাৰে প্ৰশাসনৰ তৰফৰ পৰা উভতি যাবলৈ কোৱা হৈছিল। কিন্তু দুগৰাকী আৰক্ষীৰ লোক হতাহত হয়। দলটোৱে ৩ আগষ্টত উভতি আহে। আইন-শৃংখলা দিশ লক্ষ্য কৰি এনে কৰা হৈছে বুলি কয় সিঙে।