newsnextone.com |  শিলচৰঃ পশ্চিম বংগৰ তৃণমূলৰ সাংসদক অসমত মাৰধৰ কৰা বুলি পশ্চিম বংগৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। অসমৰ পৰিবেশ উত্তপ্ত হৈ পৰা বুলি প্ৰচাৰ চলাব বিচাৰ হৈছে। একাংশ বঙালী সংবাদ গোষ্ঠীয়ে অসমত বিমান বন্দৰত পশ্চিম বংগৰ সাংসদক মাৰধৰ কৰা বুলি প্ৰচাৰ কৰে। 

কিন্তু প্ৰকৃততে তৃণমূল কংগ্ৰেছৰ দলটোক বিমান বন্দৰত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা বুলিহে জানিব পৰা গৈছে।

এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে বৰাক উপত্যকাত উপস্থিত হয়। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।

দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে।অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সাসংদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হয়।