anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

তাৰ লগে লগেই বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে তৃণমূল কংগ্ৰেছে সংসদ উত্তাল কৰি তোলে। বৰ্ষাকালীন অধিবেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে ইচ্ছাকৃত ভাৱে চৰকাৰে ৪০ লাখ লোকৰ নাম কৰ্তন কৰা বুলি কৈ হৈ হাল্লা কৰাত সদন স্থগিত কৰিব লগা হয়। 

তৃণমূল কংগ্ৰেছৰ সাংসদ এছএছ ৰয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃত ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘু আৰু ভাষীক সংখ্য়ালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে। অসমৰ চুবুৰীয়া ৰাজ্যত ইয়াৰ জনসংখ্যাগত প্ৰভাৱ পৰিব। প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত মত স্পষ্ট কৰিব লাগিব।