anitwitter
anitwitter

newsnextone.com |  শিলচৰঃ অসমৰ আৰক্ষীয়ে তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ বিধায়ক ফিৰহাদ হাকিম আৰু মহুৱা মৈত্ৰই শিলচৰ বিমান বন্দৰত আটক কৰাৰ পিছতে তৃণমূল প্ৰধান প্ৰধান মমতা বেনাৰ্জীয়ে এই ঘটনাক গৰিহণা দিয়ে।

আটক কৰা কাণ্ডক গৰিহণা দি মমতা বেনাৰ্জীয়ে কয় যে এয়া অত্যাচাৰ কৰা হৈছে। এয়া নিন্দা কৰাই নহয় তেওঁলোকে শেষ হৈ যাব। তেওঁলোক হতাশ হৈছে। ৰাজনৈতিক ভাৱে অৱসাদ হৈছে। দেশত এতিয়া দেশত জৰুৰী অৱস্থা চলিছে।

উল্লেখ্য যে, এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে বৰাক উপত্যকাত উপস্থিত হয়। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।

দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে। অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সাসংদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হয়।